Breaking

নামনি মাজুলীৰ মিছামৰাত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া

0

মাজুলী জিলাৰ নামনি মাজুলীৰ কৰতিপাৰ গাঁও পঞ্চায়তৰ ১নং মিছামৰাত ব্ৰহ্মপুত্ৰৰ গড়াখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰাত অঞ্চলবাসী ৰাইজে গভীৰ অনিশ্চয়তাৰ মাজত দিন কটাইছে।

ব্ৰহ্মপুত্ৰ বৰ্ডে বিগত দুবছৰ পূৰ্বে ১নং মিছামৰাত খহনীয়া প্ৰতিৰোধৰ বাবে আঁচনি ৰূপায়ন কৰিছিল যদিও বৰ্ডৰ নিম্নমানৰ কামৰ বাবে আঁচনিৰ বৃহৎ অংশ খহনীয়াত জাহ গ’ল।

প্ৰতিদিনে মিছামৰা অঞ্চলটোৰ চেৰপাইখোৱা,মিছামৰা,শিমলুগুৰি,দোমচুক,দকুতচুক,মিছামৰা কুমলীয়া চাপৰি,সাৰ আটী,বাঘগাওঁ,চামগুৰি, আহতগুৰিত শ শ হেক্টৰ কৃষিভূমিৰ লগতে বহু লোকৰ সপোনৰ ঘৰ-দুৱাৰ নদীত জাহ যোৱাত গৃহহীন তথা সৰ্বশ্ৰান্ত ৰাইজে চকুলো টুকি ঘৰৰ এপদ দুপদ লাম লাকটু সামৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছিল যদিও নতুনকৈ ঘৰ দুৱাৰ নিৰ্মাণ কৰা সেই স্থানতো গৰা-খহনীয়াই ভয়ানক ৰূপ ধাৰণ কৰিছে।

মাজুলীৰ নামনি অংশত এনে এক বিপদৰ খবৰ লাভ কৰাৰ পাছতো স্থানীয় ৰাইজৰ অভিযোগ বিধায়ক তথা ব্ৰহ্মপুত্ৰ বৰ্ডৰ বিষয়-ববীয়াই সঠিক ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে ত্ৰাহি মধূসূদন দেখিছিল।আপোন ঘৰ-ভেটি হেৰুৱাই সৰ্বশ্ৰান্ত হোৱা নৈ-পৰীয়াই চৰকাৰ তথা ব্ৰহ্মপুত্ৰ বৰ্ডে অঞ্চলটোৰ অৱশিষ্ট ভূমিভাগ ৰক্ষা কৰাৰ বাবে বিজ্ঞান সন্মত পদ্ধতি অৱলম্বন কৰিবলৈ বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পাছত বুধবাৰে বিধায়ক ভুবন গামৰ নেতৃত্বত মিছামৰা অঞ্চলৰ গড়াখহনীয়া প্ৰতিৰোধৰ বাবে ৪ কোটি টকাৰ এক হস্ৰম্যাদী আঁচনি গ্ৰহণ কৰি কাম শুভাৰম্ভ কৰে।

ৰাইজে বিচাৰিছে পূৰ্বৰ দৰে ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ বিফল আঁচনি ৰূপায়িত নকৰি ব্ৰহ্মপুত্ৰ ব’ৰ্ডে সঠিকভাৱে কাম কৰাটো। বিধায়ক ভুবন গামে আঁচনি উদ্বোধন কৰিবলৈ যাওঁতেই খহনীয়াগ্ৰস্ত লোকসকলে আঁচনিখন সঠিক ভাৱে ৰূপায়ন কৰিবলৈ আহ্বান জনাইছে ।

Leave A Reply

Your email address will not be published.