Breaking

কি কি ফল ডায়েবেটিছ ৰোগীৰ বাবে ক্ষতিকাৰক…

0 176

আজিকালি মানুহৰ মাজত ডায়েবেটিছ ৰোগ দ্ৰুতগতিত বিয়পিছে। এই ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ মানুহে চিকিৎসকৰ পৰামৰ্শ লয়। আনহাতে কিছুমান শাক-পাচলি আৰু ফল-মূল আছে যিবোৰ ডায়েবেটিছ ৰোগত খালে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। আজি আমি আপোনালোকক জনাম ডায়েবেটিছ ৰোগীয়ে কি কি ফল খাব নালাগে…

ডায়েবেটিছ এনে এক ৰোগ যি বৰ্তমান সময়ত প্ৰতিজন ব্যক্তিৰ বাবে বিপদৰ কাৰণ। চিকিৎসকৰ মতে দ্ৰুতগতিত বিয়পি পৰা এই ৰোগ নিয়ন্ত্ৰিতহে কৰিব পৰা যায়। কিন্তু ইয়াক কেতিয়াও নিৰ্মূল কৰিব নোৱাৰি কাৰণ ই এক দুৰাৰোগ্য ৰোগ। কিন্তু ডায়েবেটিছ ৰোগীয়ে জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ পৰিৱৰ্তন কৰি তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰে। প্ৰথম কথা ডায়েবেটিছ ৰোগীক মিঠাই খোৱাত নিষেধাজ্ঞা আৰোপ কৰে চিকিৎসকে। মিঠা বস্তু সেৱনে ডায়েবেটিছ ৰোগীৰ স্বাস্থ্য নষ্ট কৰিব পাৰে। ইয়াৰ লগতে স্বাস্থ্য বিশেষজ্ঞসকলে এই ৰোগীক কিছু ফল-মূল সেৱন নকৰিবলৈ পৰামৰ্শ দিয়ে। কাৰণ কিছুমান ফল খালে চুগাৰৰ মাত্ৰা আৰু বৃদ্ধি পাব পাৰে-


১/ আম
আম ফলৰ ৰজা। প্ৰায় সকলোৱে আম খাই ভাল পায়। কিন্তু যদি আপুনি এই ৰোগৰ ৰোগী তেন্তে আম আপোনাৰ স্বাস্থ্যৰ বাবে বিহৰ দৰে হ’ব পাৰে। আচলতে আমত চেনিৰ পৰিমাণ বেছি, যাৰ বাবে তেজত চেনিৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পায়।

২/ কল
স্বাস্থ্যৰ বাবে কল অতি উপকাৰী। প্ৰথম কথা কলে শক্তিৰ এক উত্তম উৎস। কিন্তু ডায়েবেটিছ ৰোগত কল সেৱন কৰিব নালাগে। পকা কল বেছিকৈ খালে ডায়েবেটিছৰ সমস্যা বৃদ্ধি পাব পাৰে। কলৰ গ্লাইচেমিক ইনডেক্স বেছি।

৩/ আনাৰস
আনাৰস এবিধ অতি সোৱাদযুক্ত ফল। ইয়াত প্ৰাকৃতিক চেনি পোৱা যায়। ইয়াৰ উপৰিও ইয়াত কাৰ্বহাইড্ৰেটও প্ৰচুৰ পৰিমাণে থাকে। গতিকে ডায়েবেটিছ ৰোগীয়ে ইয়াক খাব নালাগে। এইটো সেৱন কৰিলে আপোনাৰ সমস্যা বৃদ্ধি পাব পাৰে।

৪/ লিচু
যদি আপুনি ডায়েবেটিছ ৰোগত আক্ৰান্ত তেন্তে লিচু খোৱাৰ পৰা বিৰত থাকক। আচলতে লিচু ফলত চেনিৰ পৰিমাণো বেছি। যদি কোনো ডায়েবেটিছ ৰোগীয়ে লিচু খায় তেন্তে ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।


Leave A Reply

Your email address will not be published.