এসপ্তাহৰ ভিতৰত আত্মসহায়ক গোটলৈ ১০ হাজাৰ। মাইক্ৰ’ফাইনেন্স ঋনৰ বাবদ চৰকাৰৰ ব্যয় ১২ হাজাৰ ৫০০ কোটি…

নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি ৰাজ্য চৰকাৰে মাইক্ৰ’ফাইনেন্স ঋণী সকলৰ ঋণ বেংকক ওভোটাই দিয়াৰ বাবদ ৰাজকোষৰ পৰা ব্যয় কৰে ১২ হাজাৰ ৫০০ কোটি টকা। আনহাতে এক সপ্তাহৰ ভিতৰত ৰাজ্যৰ মহিলা আত্মসহায়ক গোট সমূহক ১০ হাজাৰ টকাকৈ আদায় দিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষনা কৰে। এই ধনৰাশি প্ৰকৃত অৰ্থত শুদ্ধ ৰূপত ব্যৱহাৰ কৰিলে চৰকাৰে পুনৰ ২৫ হাজাৰকৈ অতিৰিক্ত ভাবে আদায় দিব বুলিও ডঃ শৰ্মাই উল্লেখ কৰে।

আনহাতে এইবাৰ অৰুণোদয়-২ ত নতুনকৈ ২৭ লাখ ৫৪ হাজাৰ হিতাধিকাৰী অন্তৰ্ভুক্ত হোৱা বুলি ডঃ শৰ্মাই উল্লেখ কৰি ইয়াৰ পিছতেই ৰেচন কাৰ্ড সমূহ বিতৰণ কৰা হব বুলিও উল্লেখ কৰে। আনহাতে অৰুনোদয় আঁচনিত নাম অন্তৰ্ভুক্ত নোহোৱা সকলক অৰুনোদয়-৩ ত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত ১ লাখ চৰকাৰী গৃহ আবন্টন দিয়াৰ বিষয়েও ঘোষনা কৰে। উল্লেখ্য যে আজিৰে পৰা চৰকাৰে মাইক্ৰ’ফাইনেন্স ঋণী সকলক ঋন মুক্ত প্ৰমান পত্ৰ, নৱম শ্ৰেনীৰ শিক্ষাৰ্থীক চাইকেল বিতৰণকে ধৰি একাধিক কাৰ্যসূচী ৰূপায়ন কৰাৰ বাবে ঘোষনা কৰিছে।

Related Articles