Breaking

মধুৰিআমৰ নানান‌ ঔষধীয় গুণৰ বিষয়ে জানো আহক…

0 110

মধুৰীআম -মধুৰ ৰস, বলকাৰক, হৃদয়গ্রাহী, দিগ্ধ, ৰুচিকৰ আৰু শুক্রজনক তথা ই ক্রিমি, বায়ু, তৃষ্ণা, জম্বৰ, বিদাহ, মূৰ্ছা, ভ্ৰম, শ্রম আৰু শোথ বিনাশক। আৰু এক প্ৰকাৰ মধুৰীআম আছে, যি অতি বৃহৎ আৰু গোলাকাৰ । মহাপাৰেবত, স্বর্ণপাৰেবত, সাম্রাণিজ, খাৰিক, ৰক্তৰৈবতক, বৃহৎ পাৰেবত, দ্বীপজ আৰু দ্বীপখজুৰ, এইবোৰ ডাঙৰ মধুৰীআমৰ পর্য্যায়। ই বলকাৰক, পুষ্টিকৰ , বৃষ্য, মূৰ্ছা ও জ্বৰ নাশক। মধুৰীআম (Guava) আমাৰ সকলোৰে বাবে এটি জনপ্রিয় ফল। মধুৰীআম Psidium গণৰ অন্তর্ভূক্ত। এই গণৰ প্রায় ১৫০টা প্ৰজাতি আছে । কিন্তু আমাৰ দেশত Psidium guajava প্ৰজাতিটো বেছিকৈ দেখা যায়।

আমেৰিকাৰ নিৰক্ষীয় অঞ্চল মধুৰীআমৰ আদি জন্মস্থান। পেৰুৰ পৰা মেক্সিকো পৰ্যন্ত অঞ্চলত দ্রুত ইয়াৰ বিস্তাৰ ঘটে। ভাৰত , মেক্সিকো, ব্রাজিল, পাকিস্তান, শ্রীলংকা, বাংলাদেশ, বার্মা, থাইল্যান্ড, মালয়েছিয়া , হাৱাই, ফিলিপাইন, ফ্লোৰিডা প্রভৃতি দেশত ব্যাপকভাবে মধুৰীআমৰ খেতি হয়। মধুৰীআমৰ গছৰ বাবে সর্বোত্তম তাপমাত্রা হৈছে ২৩-২৮° সে.। তথাপি পৈণত গছ ৪৫° চে. তাপমাত্রাতো বাচি থাকিব পাৰে ।

মধুৰীআম ভিটামিন-C আৰু পেক্টিনৰ অন্যতম উৎস। মধুৰীআম ফলত ৮০-৮৩% পানী , ২.৪৫% অম্ল, ৩.৫০-৪.৪৫% গ্লুকজ বা চেনী , ৯.৭৩% দ্রবনীয় শুষ্ক পদার্থ, ০.৪৮% পটাছিয়াম , ২৬০ মিলিগ্রাম/১০০ গ্রাম ভিটামিন-C থাকে। বতৰ, পৰিপক্কতা আৰু জাতভেদে ইয়াৰ তাৰতম্য হয়। মধুৰীআম পৈণত হলে কেঁচা আৰু পঁকা উভয় অবস্থাতেই খাব পাৰি। পৈণত ফলৰ দ্বাৰা চালাদ, পুডিং আৰু সুস্বাদু জেলী, চৰবত, পাউডাৰ , আচাৰ আৰু আইচক্ৰীম তৈয়াৰ কৰা হয়।

মধুৰীআমৰ গছ সৰুৰ পৰা মধ্যমীয়া (২.৩-১০ মি) আকাৰৰ হয়। শিপা মাটিৰ বেছি গভীৰলৈ প্রবেশ নকৰে । পাতৰ কক্ষৰ পৰা পুস্পমুকুল এককভাবে অথবা পুষ্পমঞ্জুৰীত ২-৩টা ফল একেলগে উৎপন্ন হয়। উৎপাদনৰ বতৰত ২৫-৪৫ দিন ধৰি ফুল ফুলে । ফুল উভয়লিঙ্গী আৰু বায়ুপ্রবাহ আৰু কীট-পতংগৰ দ্বাৰা পৰাগায়ন সম্পন্ন হয়। উৎপাদিত ফুলৰ প্রায় ৮০-৮৬% ফলত পৰিণত হয়। কিন্তু প্রাথমিক পৰ্যায়ৰ ফল বতাহ আদিৰ দ্বাৰা সৰি যোৱাৰ ফলত মাত্র ৫০-৬০% ফল পৰিপক্ক হয়। কেঁচা অবস্থাত ফল সেউজীয়া থাকে কিন্তু পকিবলৈ আৰম্ভ কৰিলে পাতল সেউজীয়া বা পাতল হালধীয়া ৰং ধাৰণ কৰে।

Leave A Reply

Your email address will not be published.