Breaking

শিক্ষকক প্ৰদান কৰিব স্কুটি আৰু টেবলেট, অৱসান “হয় চাৰ” “য়েছ চাৰ” যুগৰ…

0 145

শাৰদীয় দুৰ্গোৎসৱৰ সময়ত ৰাজ্যৰ শিক্ষক সকললৈ এক সু খবৰ কঢ়িয়াই আনিলে ৰাজ্য চৰকাৰে। মেট্ৰিকত মেধা ছাত্ৰ ছাত্ৰীক আনন্দ ৰাম বৰুৱা বঁটাৰ লগতে উচ্চতৰ মাধ্যমিকৰ মেধা ছাত্ৰ ছাত্ৰীক স্কুটি প্ৰদানেৰে প্ৰেৰণা আৰু উৎসাহিত কৰি আহিছে চৰকাৰে। শেহতীয়াকৈ আজি নৱম শ্ৰেনীৰ ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হয় চাইকেল। এইবাৰ শিক্ষক সকলৰ পাল। চৰকাৰে ৫০ হাজাৰ শিক্ষকক প্ৰদান কৰিব স্কুটি। অকল সেয়াই নহয় ১৯ হাজাৰ শিক্ষকক প্ৰদান কৰিব টেবলেট। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে ঘোষনা কৰি কয় যে দূৰণীবটীয়া শিক্ষক সকলে সময়মতে শ্ৰেনীত উপস্থিত থকাৰ লগতে কষ্ট লাঘব কৰাৰ বাবে তেনে ৫০ হাজাৰ শিক্ষকক প্ৰদান কৰিব স্কুটি। একেদৰে ১৯ হাজাৰ শিক্ষকক প্ৰদান কৰিব একোটাকৈ টেবলেট।

চৰকাৰ আৰু শিক্ষা বিভাগে ৰাজ্যৰ শিক্ষা ব্যৱস্থাটোক অধিক উন্নত কৰিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আনহাতে পূৰ্বৰ দৰে শ্ৰেনী কোঠাত শিক্ষক সকলে “ৰোল কল” কৰাৰ লগতে উপস্থিত ছাত্ৰ ছাত্ৰী সকলে “আঁছো চাৰ” “য়েছ চাৰ” কোৱাৰো অন্ত পেলায়। সম্প্ৰতি শিক্ষা সেতু এপৰ দ্বাৰাই মাত্ৰ চকু টিপিয়াই ছাত্ৰ ছাত্ৰী সকলে নিজৰ উপস্থিতি অবগত কৰে। একেদৰে শিক্ষক সকলেও এপৰ জৰিয়তে উপস্থিতি দিবলৈ বাধ্য হোৱাত প্ৰায়ে বিদ্যালয়ত বিভিন্ন অজুহাতত অনুপস্থিত থকা শিক্ষক সকললৈ বিপদ নমাই আনিছে। শেহতীয়াকৈ শিক্ষক সকলক স্কুটি আৰু লেপটপ প্ৰদানৰ ঘোষনাত আনন্দ প্ৰকাশ কৰিছে শিক্ষক সমাজে।

Leave A Reply

Your email address will not be published.