Breaking

ব্যয় সংকোচনৰ দিশে এখোজ চৰকাৰ, কেন্দ্ৰীয় মন্ত্ৰী- মুখ্যমন্ত্ৰীয়েহে পাব হোটেল চাৰ্ভিছ; বিষয়াসকলে খাদ্য গ্ৰহন কৰিব লাগিব বুফেত

0 49

ব্যয় সংকোচনৰ দিশে এখোজ চৰকাৰ, কেন্দ্ৰীয় মন্ত্ৰী- মুখ্যমন্ত্ৰীয়েহে পাব হোটেল চাৰ্ভিছ; বিষয়াসকলে খাদ্য গ্ৰহন কৰিব লাগিব বুফেত। এতিয়াৰে পৰা কেন্দ্ৰীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ বাহিৰে বিষয়া আমোলা সকলে নাপাব হোটেলৰ ৰূম চাৰ্ভিছ। এই বিষয়ে সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব এম এছ মনিবন্নমে প্ৰতিখন জিলাৰ আয়ুক্ত সকলৰ লগতে হোটেল তাজ ভিভান্টা আৰু ৰেডিচন ব্লুৰ কৰ্তৃপক্ষলৈ যাবতীয় নিৰ্দেশনা প্ৰেৰণ কৰিছে। এতিয়াৰে পৰা কেন্দ্ৰীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে থাকিবলগীয়া হোটেলত ৰূম চাৰ্ভিছ পোৱাৰ বিপৰীতে অন্যান্য বিষয়া আমোলা সকলে সাধাৰণ বুফেলৈ গৈ দুপৰীয়া আৰু ৰাতিৰ আহাৰ গ্ৰহণ কৰিব লাগিব।

একেদৰে নিৰ্দেশনাটোত উল্লেখ কৰামতে বিষয়া আমোলা সকলে হোটেলৰ বেছিক ৰূমত থাকিব লাগিব। যদি কিবা কাৰণত বেছিক ৰূম নাথাকে সম পৰ্যায়ৰ দামৰ কোঠা ব্যৱহাৰ কৰিব পাৰিব। আনকি এওঁলোকৰ সুৰা অথবা কাপোৰ কানিৰ ইস্ত্ৰিৰ ব্যয় নিজেই বহন কৰিব লাগিব বুলি উল্লেখ কৰে নিৰ্দেশটোত। হোটেল কৰ্তৃপক্ষই প্ৰবেশৰ পূৰ্বে সকলো সা-সুবিধা অবগত কৰিব লাগিব। অতিথি সকলৰ থকা খোৱাৰ খৰছৰ বিল হোটেল কৰ্তৃপক্ষই সংলিষ্ট জিলা আয়ুক্তৰ জৰিয়তে সাধাৰণ প্ৰশাসন বিভাগলৈ প্ৰেৰণ কৰিব লাগিব বুলিও উল্লেখ কৰা হৈছে। সম্প্ৰতি ৰাজ্য চৰকাৰৰ ঋণৰ পৰিমাণ হৈছে ১ লাখ ৩৯ হাজাৰ ২৫০ কোটি টকা।

আনহাতে ১৭ অক্টোবৰত পুনৰ ৰাজ্য চৰকাৰে ১ হাজাৰ কোটি ঋণ লবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকক প্ৰস্তাব দিছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে চলিত মাহৰ ৩ অক্টোবৰত চৰকাৰে ব্যয় সংকোচনৰ বাবে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰাৰ পিছত পুনৰ জাৰি কৰা নীতি নিৰ্দেশনাই বিশেষ তাৎপৰ্য বহন কৰা পৰিলক্ষিত হৈছে।

Leave A Reply

Your email address will not be published.