সোনোৱাল কছাৰী জাতীয় পৰিষদৰ প্ৰাক্তন সচিব প্ৰধান ৰবীণ শইকীয়াৰ অকাল বিয়োগত শোক প্ৰকাশ কৰিছে বিভিন্ন সংগঠনে। লেখক,সাংবাদিক ৰবীণ শইকীয়া যোৱা এমাহ পূৰ্বে ভৰিত আঘাত পোৱাৰ পাছত এসপ্তাহৰ পূৰ্বে ডিব্ৰুগড়ৰ সঞ্জীৱনী নাৰ্চিং হোমত ভৰ্তি কৰোৱা হৈছিল। আজি পুৱা বজাত চিকিৎসাধীন অৱস্থাত জনগোষ্ঠীয় নেতা গৰাকীয়ে শেষ নিঃশ্বাস ত্যাগ কৰে।
জীৱিত কালত তেওঁ ডিব্ৰুগড় জিলা সোনোৱাল কছাৰী জাতীয় পৰিষদৰ উপ সভাপতি, সোনোৱাল কছাৰী জাতীয় পৰিষদৰ কাৰ্য্যকৰী সভাপতি,লেখক, সাংবাদিক, কবি হিচাপে সমাজৰ বাবে সেৱা আগবঢ়াই গৈছে। ৰবীণ শইকীয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি সোনোৱাল কছাৰী জাতীয় পৰিষদৰ সভাপতি টংকেশ্বৰ সোনোৱাল, সচিব প্ৰধান চন্দন সোনোৱালে কয় ৰবীণ শইকীয়া সোনোৱাল কছাৰী জনগোষ্ঠীৰ এগৰাকী শুভ চিন্তক আছিল আৰু এগৰাকী সু-লেখক, কবি হিচাপে সমাজত পৰিচিতি থকা ৰবীণ শইকীয়াই এগৰাকী সৎ-নিস্বাৰ্থ সাংবাদিক হিচাপে ৰাইজৰ সেৱা আগবঢ়াই গৈছে বুলি উল্লেখ কৰি তেওঁৰ মৃত্যু সোনোৱাল কছাৰী সমাজৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ অপূৰণীয় ক্ষতি বুলি মন্তব্য আগবঢ়ায়।
বিশিষ্ট সমাজকৰ্মী গৰাকীৰ মৃত্যুত সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেবানন্দ চেলেং, উপ সভাপতি ৰাজু সোনোৱাল, সাধাৰণ সম্পাদক পৰীক্ষিত সোনোৱাল,সদৌ অসম সোনোৱাল কছাৰী নাৰী সন্থাৰ সভানেত্ৰী ৰশ্মিৰেখা সোনোৱাল, সাধাৰণ সম্পাদিকা লাৱণ্য সোনোৱাল,ধেমাজি জিলা সোনোৱাল কছাৰী জাতীয় পৰিষদৰ সভাপতি ক্ষীৰোদ সোনোৱাল,সাধাৰণ সম্পাদক দিব্যজ্যোতি ডেকাবৰুৱা,উপদেষ্টা তোলন সোনোৱালে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।
শম্ভু দাস চিলাপথাৰ
ধেমাজি অসম