Breaking

অত্যধিক ভিটামিন চি সেৱনৰ আছে বহু অসুবিধা…

0 69

ভিটামিন চি আপোনাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই পুষ্টিকৰ পদাৰ্থই কেৱল ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাই নহয় ছাল আৰু চুলি সুস্থ কৰি ৰখাতো সহায় কৰে। কিন্তু বেছিকৈ ভিটামিন চি খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। ইয়াৰ ফলত বৃক্ক আৰু হাড়ৰ সমস্যা হ’ব পাৰে। ভিটামিন চি কিমান বেছিকৈ সেৱন কৰিব নালাগে জানো আহক…


তেন্তে ভিটামিন চি সমৃদ্ধ ফল-মূল আৰু খাদ্যৰ পৰা আঁতৰি থকাটো ভাল-

১/ বৃক্কত পাথৰৰ সমস্যা

অত্যধিক ভিটামিন চি খাদ্য বা পৰিপূৰক গ্ৰহণ কৰিলে বৃক্কত পাথৰৰ সমস্যা হব পাৰে। কাৰণ শৰীৰে প্ৰস্ৰাৱৰ জৰিয়তে অক্সালেট ৰূপত অতিৰিক্ত ভিটামিন চি বাহিৰ কৰে। কিন্তু, কেতিয়াবা ই আন খনিজ পদাৰ্থৰ সৈতে মিলি সৰু সৰু স্ফটিকৰ ৰূপ লৈ বৃক্কৰ পাথৰ হৈ পৰে।

২) হাড়ৰ অস্বাভাৱিক বিকাশ

শৰীৰত ভিটামিন চিৰ অত্যধিক মাত্ৰা থাকিলে হাড়ৰ স্পাৰ, হাড়ৰ অস্বাভাৱিক বিকাশ হ’ব পাৰে। হাড়ৰ স্পাৰ প্ৰায়ে গাঁঠিত দেখা দিয়ে, য’ত অস্বাভাৱিক বৃদ্ধিৰ বাবে হাড় এটা বাহিৰলৈ ওলাই আহিবলৈ আৰম্ভ কৰে। ইয়াৰ বাবে বিষ আৰু দুৰ্বলতাৰ দৰে লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে।

৩/ হজম শক্তিৰ সমস্যা

ভিটামিন চি বেছিকৈ গ্ৰহণ কৰাৰ আটাইতকৈ সাধাৰণ লক্ষণ হ’ল হজম শক্তি বেয়া। ইয়াৰ কাৰণে আপুনি বদহজম, বমি, পেটৰ বিষ, জ্বলন আদি সমস্যাত ভুগিবলৈ আৰম্ভ কৰে। কিন্তু ভিটামিন চিৰ পৰিপূৰক বন্ধ কৰি এই সমস্যাবোৰৰ পৰা সকাহ পাব পাৰে।


অত্যধিক পৰিমাণে ভিটামিন চি সেৱন কৰিলে শৰীৰত থকা পুষ্টিকৰ উপাদানৰ মাত্ৰা অসন্তুলিত হৈ পৰে। ইয়াৰ ফলত শৰীৰত ভিটামিন বি ১২ আৰু কপাৰৰ পৰিমাণ কমি যাব পাৰে। একে সময়তে ভিটামিন চিৰ বাবে শৰীৰত আইৰণৰ ব্যৱহাৰ বৃদ্ধি পায় যিটো স্বাস্থ্যৰ বাবে উপকাৰী নহয়। শৰীৰে নিজাববীয়াকৈ ভিটামিন চি উৎপাদন কৰিব নোৱাৰে। গতিকে এই পুষ্টিকৰ উপাদানৰ অভাৱ ৰোধ কৰিবলৈ ভিটামিন চি খাদ্য বা পৰিপূৰক গ্ৰহণ কৰিব লগা হয়।

Leave A Reply

Your email address will not be published.