প্ৰাচীন কালৰ পৰাই অসমত দুৰ্গা পূজাৰ প্ৰচলন আছে। ধৰ্মীয় উৎসৱ বাবেই বিভিন্ন শাস্ত্ৰীয় ব্যাখ্যা, পৌৰাণিক কাহিনী, ৰীতি-নীতি, পৰম্পৰা ইয়াৰ সৈতে জড়িত হৈ আছে। ‘দুৰ্গ’ শব্দই দৈত্য, কুকৰ্ম, শোক-দুখ, মহাভয়, অতিৰোগ আদিক বুজায়। ‘আ’-কাৰৰ অৰ্থ— নাশক। অৰ্থাৎ যি দেৱীয়ে এই সকলোবোৰ নাশ কৰিব পাৰে, তেৱেঁই দুৰ্গা। আনহাতে, দ+উ+ৰ+গ+আ=দুৰ্গা, ইয়াত দ শব্দৰ অৰ্থ দৈত্য নাশক, উ-কাৰৰ অৰ্থ বিঘিনি নাশক, ৰ— ৰোগ নাশক, গ— পাপ নাশক, অ— ভয় বা শত্ৰু নাশক। গতিকে দেখা যায় যে যিমানবোৰ অশুভ শক্তি আছে, সেই সকলোবোৰৰ বিনাশকাৰী হৈছে দেৱী দুৰ্গা। যুগে যুগে হিন্দু ধৰ্মৰ শাক্তপন্থী লোকসকলে দেৱী দুৰ্গাক সমাজৰ পৰা অপায়- অমংগল, বিভেদকামী শক্তিক নাশ কৰিবৰ বাবেই আৰাধনা কৰি আহিছে
দুৰ্গা পূজা চাৰি দিন ব্যাপী হয়। দুৰ্গা পূজাৰ প্ৰাৰম্ভিক অৱস্থাটো হৈছে— ‘বোধন’। ‘বোধন’ শব্দৰ অৰ্থ হৈছে জাগ্ৰত কৰা বা জগোৱা। ষষ্ঠীৰ দিনা ‘বিল্ব বোধন’-এৰে দেৱী পূজাৰ আৰম্ভ কৰা হয়। দেৱী পূজাৰ আগেয়ে বেলগছত পূজা কৰি দেৱীক জগাই তোলা হয়। অৰ্থাৎ বেলগছ হৈছে শক্তিৰ প্ৰতীক, বেলপাতৰ আকৃতি ত্ৰিশূলসদৃশ। যুৰীয়া বেলত দেৱীৰ শক্তি সংস্থাপন কৰা হয় বাবে ইয়াক বেলবোধন বোলে।
সপ্তমীৰ দিনা দেৱীক আহ্বান কৰি কলগছত স্থাপন কৰি দেৱী পূজাৰ আৰম্ভণি কৰা হয়। এই মহা সপ্তমীৰ দিনা যুৰীয়া বেলৰ লগতে নৱপত্ৰিকাৰে দেৱীৰ ৰূপ-সংস্কৃতিৰ পূজা কৰা হয়। এই নৱপত্ৰিকাত নবিধ শস্য, যেনে— কলগছ, মানকচু, হালধি, ধান, জয়ন্তী ফুলৰ গছ, ডালিম, অশোক, বগা অপৰাজিতা আৰু বেল থাকে। এই নবিধ দ্ৰব্য হালধীয়া সূতাৰে কলপুলিত বান্ধি তাত অপৰাজিতা ফুলৰ লতাৰে মেৰিয়াই দি তাৰ ওপৰত ৰঙা পাৰিৰ শাৰীৰে ন- কইনাৰ দৰে দীঘল ওৰণিৰে ঢাকি ৰখা হয়। এয়াই হৈছে ‘নৱ পত্ৰিকা’।