৫০ বছৰীয়া মালাইকা অৰোৰাই নিজৰ বয়স ৪৮ বছৰ বুলি কৈ ট্ৰ’লৰ সন্মুখীন…

আজি মালাইকা অৰোৰা জন্মদিন। কিন্তু আজি দিনটোতো মালাইকা অৰোৰাই এটা পোষ্ট শ্বেয়াৰ কৰিছিল আৰু কেপচনত তেওঁৰ বয়স ৪৮ বছৰ বুলি উল্লেখ কৰিছিল, তাৰ পিছত অনুৰাগীসকলে তেওঁক সমালোচনা কৰিছিল। ফেশ্বন হওক বা জন্মদিন হওক এক ব্যতিক্ৰম ৰূপত উদযাপন কৰে মালাইকা আৰোৰাই। এইবাৰো মলাইকাই বিশেষ ধৰণেৰে জন্মদিন উদযাপন কৰিলে। তেওঁৰ পোষ্টটো সঠিকভাৱে শ্বেয়াৰ কৰিলে যদিও পোষ্টটো শ্বেয়াৰ কৰাৰ লগে লগে ট্ৰলৰ টাৰ্গেট হৈ পৰিল। মালাইকাই জন্মদিনত কিছু ছবি শ্বেয়াৰ কৰিছিল আৰু তাৰ লগতে এটা দীঘলীয়া কেপচনো লিখিছিল। লগতে তেওঁৰ বয়স ৪৮ বছৰ বুলিও কৈছিল। কিন্তু গুগলৰ মতে মলাইকাৰ জন্ম বছৰ ১৯৭৩ চন আৰু সেই অনুসৰি মলাইকাৰ এই বছৰ ৫০ বছৰ সম্পূৰ্ণ হৈছে।

আৰবাজ খানৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছত অৰ্জুন কাপুৰ তেওঁৰ জীৱনলৈ আহিছিল যিজন তেওঁতকৈ ১১ বছৰ সৰু বুলি কোৱা হয়। ইয়াৰ পিছতো কোনো সংকোচ নোহোৱাকৈ এই সম্পৰ্ক মানি লৈছিল আৰু যোৱা ৫ বছৰ ধৰি অৰ্জুনৰ লগত ডেটিং কৰি আছে।

Related Articles