অসম – নাগালেণ্ড সীমান্তৰ শৈল নগৰী বিহুবৰৰ ঔগুৰিজান চাহ বাগিচাত আগ্ৰাসন…

📌অসম – নাগালেণ্ড সীমান্তৰ শৈল নগৰী বিহুবৰৰ ঔগুৰিজান চাহ বাগিচাত আগ্ৰাসন ।
📌চাহ গছ কাটি শিল খননৰ প্ৰস্তুতি ।
📌চাহ বাগিচা , ৰেল’ৱে লাইন লৈকে আগ্ৰাসীয়ে কৰিছে শিলৰ অবৈধ ষ্টক ।

📌অসম – নাগালেণ্ড সীমান্তৰ অসমৰ বিবদমান ভূমিত নগাই অব্যাহত ৰখা আগ্ৰাসন নতুন নহয় ।বছৰ বছৰ ধৰি অসমৰ শ শ হেক্টৰ ভূমি নগাই দখল কৰি নিজৰ অধিনলৈ নিলে যদিও সীমান্তৱৰ্তী অসমৰ এই ভূমি উদ্ধাৰ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰ চৰম ব্যৰ্থ । অসম – নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত বৰ্তমানেও অব্যাহত আছে আগ্ৰাসন । এইবাৰ সীমান্তৱৰ্তী অঞ্চলটোৰ নাজিৰা মহকুমাৰ শৈল নগৰী বিহুবৰৰ ঔগুৰিজান চাহ বাগানত চলিছে এই আগ্ৰাসন ।

এই আগ্ৰাসন অৱশ্যে সীমান্তৱৰ্তী ৰাজ্যৰ নগাৰ দ্বাৰা নহয় । চাহ বাগিচাখনত এই আগ্ৰাসন চলাইছে অসমৰে কেইজনমান অসাধু শিল ব্যৱসায়ী ।

অভিযোগ উত্থাপন হৈছে যে , জনৈক এলজান নামৰ দুজন ব্যক্তি, আক্লিমা , বেবুল , মহম্মদ , আলম আদিয়ে ঔগুৰিজান চাহ বাগিচাৰ গৰিষ্ঠ সংখ্যক ভূমিৰ চাহ গছ কাটি, জে চি বি লগাই চাহ গছ উচ্ছেদ কৰি ভূমি নিজৰ অধিনলৈ অনাৰ উপৰি চাহ বাগিচা আৰু শিমলুগুৰি – নাগালেণ্ড সংযোগী ৰেলপথটো ইতিমধ্যে বন্ধ কৰি দিয়াৰ সুযোগ গ্ৰহণ কৰি ৰেল’ৱে ৰেল লাইনলৈকে দখল কৰি আগ্ৰাসন অব্যাহত ৰাখিছে । এই ভূমিত অনাগত সময়ত অবাধে শিল খনন চলোৱাৰ প্ৰস্তুতি কৰা বুলি স্থানীয় সচেতন ৰাইজে অভিযোগ উত্থাপন কৰিছে । আনহাতে এই ক্ষেত্ৰত চাহ জনগোষ্ঠী সংগঠন সমূহে ৰহস্যজনক ভাৱে মৌনতা অৱলম্বন কৰাত সচেতন ৰাইজে আক্ষেপ প্ৰকাশ কৰিছে ।
*

।নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰ ৰিপ’ৰ্ট ।। *

Related Articles