৫০খন বিছনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়ৰ শুভ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে গোৱালপাৰা জিলাৰ দুধনৈত ৫০ খন বিছনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়ৰ শুভ উদ্বোধন কৰে।

শেহতীয়াকৈ মাজুলীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৫০খন বিছনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়ৰ শুভ উদ্বোধন কৰাৰ এমাহৰো কম সময়ৰ ভিতৰতে দুধনৈত মুকলি হ’ল এই নতুন আয়ুৰ্বেদিক চিকিৎসালয়খন। ইয়াত অত্যাধুনিক পৰীক্ষাগাৰ, পঞ্চকৰ্মা কেন্দ্ৰ, বন্ধ্যাত্ব ক্লিনিক, অ’পিডি আৰু আইপিডি সেৱাৰ উপৰি এটা যোগ কেন্দ্ৰকে ধৰি আন গুৰুত্বপূৰ্ণ সুবিধা উপলব্ধ হৈছে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “দুধনৈ আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহৰ জনগণে এতিয়া ভাৰতৰ আয়ুৰ্বেদৰ সমৃদ্ধ ঐতিহ্যৰ সুফল লাভ কৰিব পৰা হোৱাত মই অত্যন্ত আনন্দিত। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰেৰণাদায়ক নেতৃত্বত ভাৰতে হাজাৰ হাজাৰ বছৰ ধৰি মানুহক আৰোগ্য কৰি অহা আয়ুৰ্বেদৰ সমৃদ্ধ ঐতিহ্যক পুনৰুজ্জীৱিত কৰিবলৈ বিনিয়োগ কৰিছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলে বিভিন্ন দিশত বিকাশৰ এক নতুন ইঞ্জিন হিচাপে গঢ় লোৱাৰ সময়তে স্বাস্থ্যসেৱা আন্তঃগাঁথনিক আধুনিক আৰু পৰম্পৰাগত দুয়োটা স্বাস্থ্য পদ্ধতিৰ উন্নতিৰ জৰিয়তে ত্বৰান্বিত কৰাত আমি গুৰুত্ব আৰোপ কৰিছোঁ। আয়ুৰ্বেদৰ দৰে পৰম্পৰাগত ঔষধৰ কাৰ্যকাৰিতা প্ৰমাণিত কৰাৰ বাবে আমি আধুনিক দৃষ্টিভংগীক একত্ৰিত কৰি আগুৱাই গৈছোঁ। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সুস্থ ভাৰতৰ দৃষ্টিভংগী প্ৰাপ্ত কৰাৰ দিশত আমি দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অসমতো আয়ুষ স্বাস্থ্যসেৱা আন্তঃগাঁথনি নিৰ্মাণ কৰাত বিশেষ গুৰুত্ব আৰোপ কৰিছোঁ।”

উল্লেখ্য যে, নতুন আয়ুৰ্বেদিক চিকিৎসালয়ৰ একেটা চৌহদতে এখন আয়ুষ শিক্ষানুষ্ঠানো স্থাপন কৰা হ’ব। আয়ুৰ্বেদিক ঔষধি সামগ্ৰীৰ বাবে ঔষধি উদ্ভিদ ব্যৱহাৰ কৰাৰ বাবে এই চিকিৎসালয়ৰ চৌহদৰ ভিতৰতে বনৌষধি বাগিচাও স্থাপন কৰা হ’ব।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়, “মই আপোনালোকক জনাব বিচাৰোঁ যে ২০২৩ চনৰ জানুৱাৰী আৰু ছেপ্টেম্বৰৰ ভিতৰত ৰাজ্যখনৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, আয়ুষ স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰৰ জৰিয়তে প্ৰায় ৭৮,০২৬ জন লোক উপকৃত হৈছে। আয়ুষ মন্ত্ৰালয়ে অসমত আয়ুষ স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰ, ৫০/৩০/১০ খন বিছনাযুক্ত সমন্বিত আয়ুষ চিকিৎসালয়, নতুন শিক্ষা প্ৰতিষ্ঠান, নতুন ঔষধালয় নিৰ্মাণ, আয়ুষ ভ্ৰাম্যমাণ চিকিৎসা ইউনিট, আয়ুৰ্বিদ্যা, সুপ্ৰাজা আদি বিভিন্ন কাৰ্য-কলাপ ৰূপায়ণৰ বাবে ১২১.৭৫ কোটি টকা ইতিমধ্যে মুকলি কৰিছে।”

এই অনুষ্ঠানটোত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত, গুৱাহাটী লোকসভাৰ সাংসদ কুইন ওজা, ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ লগতে অসম চৰকাৰ তথা কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইয়াৰ পূৰ্বে কলিয়াবৰ, কোকৰাঝাৰ, মৰিগাঁও আৰু বাক্সাত এনেধৰণৰ আৰু চাৰিখন সমন্বিত চিকিৎসালয় স্থাপন কৰাৰ কথা ঘোষণা কৰিছে। তদুপৰি, ডিফুত ৩০ খন বিছনাযুক্ত এখন চিকিৎসালয় আৰু বজালীত ১০ খন বিছনাযুক্ত এখন চিকিৎসালয় নিৰ্মাণ কৰা হ’ব। লগতে অসমত মুঠ ১০০ খন আয়ুষ ঔষধালয় স্থাপন কৰা হ’ব।

Related Articles