তেজসৰ ফ্লপৰ পিছত দ্বাৰকাধীশ মন্দিৰত পূজা অভিনেত্ৰী কংগনা ৰানাৱটৰ…

বলীউডৰ ৰাণী কংগনা ৰানাৱত বৰ্তমান শিৰোনামত। শেহতীয়াকৈ তেওঁৰ ছবি তেজস ছবিগৃহত মুক্তি পাইছিল। এই ছবিখনে বক্স অফিচত ফ্লপ বুলি প্ৰমাণিত হৈছে। আনকি বাজেট পূৰণ কৰাটোও তেজসৰ বাবে কঠিন হৈ পৰিছে। ইতিমধ্যে বহু চবিগৃহৰ পৰা তেজসক আঁতৰাই দিয়া হৈছে। ছবিখনৰ ফ্লপ হোৱাৰ পিছত কংগনাই শ্ৰীকৃষ্ণৰ দৰ্শন কৰিবলৈ দ্বাৰকাধীশ মন্দিৰলৈ যায়। য’ৰ পৰা তেওঁ বহু ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছে। ইয়াকে দেখি একাংশই ছ’চিয়েল মিডিয়াত ট্ৰ’ল কৰিছে অভিনেত্ৰীগৰাকীক।

কংগনাই এটা ৰিল শ্বেয়াৰ কৰিছে। য’ত অভিনেত্ৰীগৰাকীক নাওত বহি থকা দেখা গৈছে। ইয়াৰ উপৰিও কংগনাই কিছু ফটো শ্বেয়াৰ কৰিছিল। ফটোবোৰ শ্বেয়াৰ কৰি থাকোঁতে কংগনাই লিখিছিল – ‘কিছুদিন মোৰ হৃদয়খন বৰ বিচলিত হৈ পৰিছিল, দ্বাৰকাধীশ ভ্ৰমণ কৰিবলৈ মন গৈছিল, শ্ৰীকৃষ্ণৰ এই ঐশ্বৰিক নগৰ দ্বাৰকালৈ অহাৰ লগে লগে মোৰ সকলো চিন্তা নোহোৱা হৈ গ’ল।’

কিন্তু সামাজিক মাধ্যমত একাংশই কংগনাক ট্ৰ’ল কৰিছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে – এতিয়া মাত্ৰ ৰিল বনাওক। চিনেমা বনোৱাটো আপোনাৰ কাম নহয়। আন এজনে লিখিছে – তেওঁক এনেকৈ দেখি মোৰ বেয়া লাগিছে। এজনে লিখিছে – যদি চিনেমাখন ফ্লপ হয় তেন্তে মনটো নিশ্চয় অস্থিৰ হৈ পৰিব।

Related Articles