Breaking

এতিয়া কেনে আছে জুবিন গাৰ্গ ! ডাঃ হিতেশ বৰুৱাই দিলে জুবিনৰ স্বাস্থ্যৰ শেহতীয়া খবৰ…

0 113

কেনে আছে জুবিন গাৰ্গ? আজি পুৱা সকলোৰে মৰমৰ শিল্পীগৰাকী অসুস্থ হৈ পৰিছিল। লগে লগে তেওঁক ভৰ্তি কৰোৱা হয় নেমকেয়াৰ হাস্পতালত। জুবিন গাৰ্গ অসুস্থ হোৱাৰ খবৰ বিয়পি পৰাৰ পিছতে হাস্পতাললৈ ঢাপলি মেলিছিল অনুৰাগীসকল। নেমকেয়াৰ হাস্পতালত ভিৰ কৰে অনুৰাগীসকলে।

ইয়াৰ পূৰ্বেও বহুবাৰ অসুস্থ হৈ হাস্পতালত ভৰ্তি হ’বলগীয়া হৈছিল জুবিন গাৰ্গ। আজি পুৱা গছত পানী দি থাকোতে মূৰ ঘূৰাই হঠাত্‍ জুবিন মাটিত ধলি পৰিল। তাৰ পাছতেই তেওঁক নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান হার্টথ্রব জুবিন গাৰ্গক ICUত ৰখা হৈছে। চিকিৎসকৰ এটা দলে প্ৰতিটো মুহূৰ্ততে নিৰীক্ষণ কৰি আছে জুবিনক।


নেমকেয়াৰ হাস্পতাল কৰ্তৃপক্ষই সময়ে সময়ে অনুৰাগীসকলক জুবিনৰ স্বাস্থ্যৰ শেহতীয়া তথ্য জনাই আছে।

Leave A Reply

Your email address will not be published.