Breaking

কিয় পালন কৰা হয় এই পোহৰৰ উৎসৱ দিপাবলী…

0 125

কিয় পালন কৰা হয় এই পোহৰৰ উৎসৱ দিপাবলী?

দৈবিক শক্তিৰে কিয় পোহৰৰে আলোকিত কৰে জানো আহক

প্রবাদমতে, দ্বাপৰ যুগত বৰাহৰূপী বিষ্ণু আৰু বসুমতীৰ পুত্র নৰকাসুৰে স্বর্গলোক আক্রমণ কৰাৰ পাছত কোনো শক্তিৰে অসুৰক পৰাস্ত কৰিব নোৱৰাত দেৱৰাজ ইন্দ্র শ্রীকৃষ্ণৰ শৰণাপন্ন হয়।

ভকতবৎসল ভগৱন্তই ভকতৰ দুখ দূৰ কৰিবৰ বাবে নৰকাসুৰক নিধন কৰে। অসুৰ নাশ হোৱাত তিনিওলোকতে চাকি জ্বলাই আনন্দ উৎসৱ পালন কৰা হয়। তেতিয়াৰ পৰাই দীপান্বিতা পালন কৰা হয়।

আকৌ ৰামায়ণত উল্লেখ থকা মতে, ৰাক্ষস ৰাজ লংকাধিপতি দশাননক বধ কৰি অযোধ্যালৈ উভতি আহোঁতে অযোধ্যাৰ প্রজাসকলে পদূলিয়ে পদূলিয়ে চাকি জ্বলাই আনন্দ উৎসৱ কৰি ৰামচন্দ্রক আদৰণি জনাইছিল আৰু তেতিয়াৰ পৰাই সেই দিনটোত দীপান্বিতা পালন কৰা হয়।

Leave A Reply

Your email address will not be published.