ধেমাজি জিলাৰ গোগামুখৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান গোগামুখ খ্ৰাইষ্ট কিং ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উদ্যোগত শনিবাৰে বৰ্ণিল কাৰ্যক্ৰমণিকাৰে বিজ্ঞান, কলা, খাদ্য মেলা আৰু বস্ত্ৰমেলা অনুষ্ঠিত হৈ যায় ৷ গোগামুখ খ্ৰাইষ্ট কিং ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ খেলপথাৰত অনুষ্ঠিত হোৱা উক্ত বিজ্ঞান, কলা, খাদ্যমেলা আৰু বস্ত্ৰমেলাত খ্ৰাইষ্ট কিং ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দুই সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷
অনুষ্ঠানটো উদ্ধোধন কৰে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝাই ৷ অনুষ্ঠানটো উদ্বোধন কৰি তেওঁ কয়- ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন বিষয়ৰ ওপৰত থকা অভিজ্ঞতাই আমাক আনন্দিত কৰিছে ৷ আমাৰ ছাত্ৰ-ছাত্ৰীসকলে এতিয়াও বিজ্ঞানী হোৱা নাই ৷ কিন্তু তাঁহাত বিজ্ঞানী হ’বলৈ প্ৰচেষ্টা চলাইছে আৰু ভৱিষ্যত সম্ভাৱনা আছে ৷ ছাত্ৰ-ছাত্ৰীসকলে চিত্ৰকলা, বস্ত্ৰ নিৰ্মাণ, খাদ্য প্ৰস্তুতকৰণটো যথেষ্ট আগবাঢ়িছে ৷
যিটোৱে গোগামুখ খ্ৰাইষ্ট কিং ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভিন্ন প প্ৰতিভাক প্ৰতিফলিত কৰিছে ৷ উল্লেখনীয় যে, খ্ৰাইষ্ট কিং ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ তথা ফাদাৰ বিজুৰ উৰ্বৰ চিন্তা আৰু আশাশুধীয়া প্ৰচেষ্টাত উক্ত বিজ্ঞান, কলা, খাদ্য আৰু বস্ত্ৰমেলাৰ দৰে আটকধুনীয়া সানমিহলি কাৰ্যসূচী অনুষ্ঠিত কৰা সম্ভৱপৰ হৈ উঠিছিল ৷
অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ বিভিন্ন কাৰিকৰী কৌশল, নক্সা, আটকধুনীয়া চিত্ৰ কলা, বিভিন্ন জাতি-জনজাতিৰ খাদ্যসম্ভাৰ, বিভিন্ন জাতি-জনজাতিৰ পৰম্পৰাগত সামগ্ৰী, বস্ত্ৰ সামগ্ৰী প্ৰদৰ্শন কৰাৰ লগতে বিক্ৰীও কৰে ৷ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰা বিহু, মিচিং, বড়ো, আদিবাসী, দেউৰী, নেপালী, ৰাভা, তিৱা, সোনোৱাল কছাৰী আদি বিভিন্ন জাতি-জনজাতিৰ সমন্বয়ৰ নৃৃত্য-গীতে অনুষ্ঠানত উপস্থিত সকলো ৰাইজক আপ্লুত কৰি তোলে ৷
অনুষ্ঠানত উপস্থিত থাকে মুখ্য অতিথি ৰূপে উপস্থিত থাকে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝা, ধেমাজি এছ এফ এছৰ অধ্যক্ষ তথা ফাদাৰ জৰ্জ অষ্টিন, খ্ৰাইষ্ট কিং স্কুলৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী গোটৰ সাধাৰণ সম্পাদক জ’হান জিৎ দলে, আইনী পৰামৰ্শদাতা ত্ৰিদীপ দাস, সহকাৰী সম্পাদক ধ্যান জ্যোতি দলে, বাণীকান্ত শৰ্মা, ৰমেন বৰুৱা আদিয়ে ৷ অনুষ্ঠানত পুৱা বন্তি প্ৰজ্বলন কৰাৰ পাছত খ্ৰাইষ্ট কিং ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ তথা ফাদাৰ বিজুৱে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৷
অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী গোটৰ সাধাৰণ সম্পাদকে জ’হানজিৎ দলেয়ে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় । বিয়লি আমন্ত্ৰিত অতিথি সকলক ছাত্ৰ-ছাত্ৰী সকলৰ বিভিন্ন বিজ্ঞান , চিত্ৰকলা, বস্ত্ৰমেলা, খাদ্যমেলা পৰিদৰ্শন কৰোৱা হয় ৷ অনুষ্ঠানত খ্ৰাইষ্ট কিং হাইস্কুলে নতুনকৈ নিৰ্মাণ কৰা কম্পিউটাৰ লেবৰটেৰীও অতিথিসকলক পৰিদৰ্শন কৰোৱা হয় ৷