Breaking

ইণ্ডো-ফ্রান্স আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত আৰক্ষী বিষয়া পাৰ্থসাৰথি মহন্তৰ ‘লাচিত দ্য ৱৰিয়ৰ’লৈ শ্রেষ্ঠ এনিমেচন ছবিৰ বঁটা

0 60

অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়া, সুবক্তা , অভিনেতা , শিল্পী আৰু চলচ্চিত্ৰ পৰিচালক হিচাপেও দেশ – বিদেশত সুনাম অৰ্জন কৰা পাৰ্থ সাৰথি মহন্তই অসমৰ জাতীয় বীৰ হিচাপে পৰিগণিত হোৱা মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা এনিমেচন ছবি ‘লাচিত : দ্য ৱাৰিয়ৰ’- এ পুনৰ আন এটা সফলতা লাভ কৰিছে।

পুডুচেৰীত অনুষ্ঠিত হোৱা ‘ইণ্ডো-ফ্রান্স আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ’ত শ্রেষ্ঠ এনিমেচন চুটি ছবিৰ সন্মান লাভ কৰিছে। ভাৰত চৰকাৰ আৰু ফ্রান্স চৰকাৰে যুটীয়াভাবে এই ছবি মহোৎসৱ অনুষ্ঠিত কৰিছিল। বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহুসংখ্যক ছবি মহোৎসৱখনত প্রদর্শিত হৈছিল। উল্লেখ্য যে ‘লাচিত: দ্য ৱৰিয়ৰ’ শীর্ষক এনিমেচন ছবিখন পৰিচালনা কৰিছে অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক পাৰ্থসাৰথি মহন্তই। ছবিখন প্ৰযোজনা কৰিছে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত দীৰ্ঘদিনৰ পৰা জৰিত মীনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱাই।

বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক ড° অমৰজ্যোতি চৌধুৰীয়ে ছবিখনৰ ধাৰাভাষ্য প্রদান কৰিছে। ছবিখনৰ সংগীত ৰূপম তালুকদাৰৰ। ‘লাচিত : দ্য বৰিয়ৰ’ দিল্লী, মুম্বাই, কলকাতা, জয়পুৰ-চেন্নাইকে ধৰি কেইবাখনো আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্রদর্শন কৰা হৈছে। ইয়াৰ পূৰ্বেও কেইবাখনো ছবি মহোৎসৱত এনিমেচন ছবিখনে শ্রেষ্ঠ। এনিমেচন চুটি ছবিৰ সন্মান লাভ কৰিছে।

উল্লেখ্য যে মহাবীৰ লাচিত বৰফুকনৰ দেশপ্ৰেম, বীৰত্ব, জাতিৰ প্ৰতি কৰা ত্যাগ আদি ৰাষ্ট্ৰীয় – আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিফলিত হোৱাৰ লগতে তেওঁৰ বিষয়ে দেশ – বিদেশৰ লোকেও ভালকৈ জানিব পাৰে তাক ছবিখনৰ মাধ্যমেৰে পৰিচালকে সুন্দৰকৈ প্ৰদৰ্শন কৰাত সফল হৈছে। যাৰ বাবে চুটি ছবিখনে কম দিনৰ ভিতৰতে ৰাষ্ট্ৰীয় – আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেবাটাও বঁটা বা সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

Leave A Reply

Your email address will not be published.