বিলাসীপাৰাৰ মাছপাৰাত কুখ্যাত অপৰাধীক গ্ৰেপ্তাৰ…

বিলাসীপাৰাৰ মাছপাৰাত কুখ্যাত অপৰাধীক গ্ৰেপ্তাৰ।

‐—-‐——-‐————–

আজি পুৱতি  নিশা বিলাসীপাৰাৰ মাছপাৰা নামৰ ঠাইত আৰক্ষীৰ গুলীচালনাত কুখ্যাত অপৰাধী আলী আকবৰ ওৰফে আলু ‘ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

আৰক্ষী অহাৰ উমান পাই আলীয়ে আন্ধাৰৰ সুযোগ লৈ পলাবলৈ লওঁতে আৰক্ষীয়ে শূন্যলৈ ৭ গুলীচালনা  কৰিব লগীয়া হয়।এই অভিযান চলিছিল অতি সংগোপনে।

কুখ্যাত আলীয়ে যুৱ ব্যৱসায়ী বাছেৰ আলীৰ হত্যাকাণ্ডৰ লগত জড়িত আছিল বুলি আৰক্ষীৰ এক বিশেষ সূত্ৰত জানিব পৰা গৈছে। সম্প্ৰতি বিলাসীপাৰা থানাত অধিক তথ্য সংগ্ৰহৰ বাবে আৰক্ষীয়ে  মাৰাথন জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।এই কুখ্যাত হত্যাকাৰীজনৰ ঘৰ চাটাপাৰা গাঁওত।

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্ৰতিবেদন

Related Articles