Breaking

বিয়ালৈ ভয় কৰে অভিনেত্ৰী শ্ৰুতি হাছানে, অসমৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ কথা ক’লে শ্ৰুতিয়ে…

0 91

এগৰাকী জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাছান। এক বাৰ্তালাপত অভিনেত্ৰীগৰাকীয়ে ক’লে মনৰ কথা। ক’লে অসমৰ প্ৰেমিক শান্তনুৰ সৈতে থকা বন্ধনৰ কথা। শান্তনু হাজৰিকাৰ সৈতে দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্কত আছে অভিনেত্ৰীগৰাকী। এনে পৰিস্থিতিত অভিনেত্ৰীগৰাকীৰ বিবাহক লৈ বহুবাৰ প্ৰশ্ন উত্থাপন হৈছে। কিন্তু শ্ৰুতিক বিয়াৰ কথা সোধাত অভিনেত্ৰীগৰাকীয়ে কি ক’লে জানো আহক।

শ্ৰুতি হাছানে স্পষ্টকৈ কৈ’লে যে বৰ্তমান তেওঁৰ বিয়াৰ কোনো উদ্দেশ্য নাই। বিবাহ শব্দটোলৈ মোৰ বৰ ভয় লাগে বুলিও মন্তুব্য কৰিলে অভিনেত্ৰী গৰাকীয়ে।। লগতে ক’লে শান্তনু লগত থাকি কাম কৰি আৰু একেলগে ভাল সময় কটাবলৈ পাই মই সুখী। এযা বিয়াতকৈ বেছি ভাল। নিজৰ আৰু প্ৰেমিক শান্তনুৰ মাজৰ সম্পৰ্ক আৰু বন্ধনৰ কথা কওঁতে অভিনেত্ৰীগৰাকীয়ে আৰু কয়, ‘আমি ইজনে সিজনৰ বাবে আছোঁ আৰু কঠিন সময়ত ইজনে সিজনক সহায় কৰিছোঁ। সংগ্ৰামৰ সময়ত কাষত কোনোবা থাকিলে ভাল লাগে।


শ্রুতি হাছানক শেহতীয়াকৈ ‘ৱালটেয়াৰ বীৰয়া’ ছবিত দেখা গৈছিল। এইখন আছিল একচন ড্ৰামা ছবি যিখন পৰিচালনা কৰিছিল কে এছ ৰবীন্দ্ৰই। শ্ৰুতিৰ উপৰিও চিৰঞ্জীৱী আৰু ৰবি তেজাকো ছবিখনত দেখা গৈছিল। বৰ্তমান শ্ৰুতি প্ৰভাসৰ সৈতে এক্সন থ্ৰিলাৰ ছবি ‘ছালাৰ’ত ব্যস্ত।


Leave A Reply

Your email address will not be published.