ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ এছ ভেংকটৰমণনৰ মৃত্যু…

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (আৰবিআই) প্ৰাক্তন গভৰ্ণৰ এছ ভেংকটৰমণনৰ মৃত্যু ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ। দীৰ্ঘদিন ধৰি অসুস্থতা হৈ থকা ভেংকটৰমণনে শনিবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে। পৰিয়ালৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে। তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ১৮ সংখ্যক গভৰ্ণৰ আছিল। তেওঁ কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ সচিবৰ দৰে গুৰুত্বপূৰ্ণ পদতো কাৰ্যনিৰ্বাহ কৰিছিল।

অৰ্থনীতিবিদগৰাকীয়ে ১৯৯০ চনৰ পৰা ১৯৯২ চনলৈ দুবছৰৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ আছিল। সেই সময়ছোৱা ভাৰতীয় অৰ্থনীতিৰ বাবে আটাইতকৈ প্ৰত্যাহ্বানজনক সময় আছিল। সেই সময়তে প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নেতৃত্বত ভাৰতে সমগ্ৰ বিশ্বৰ বাবে উদাৰ অৰ্থনীতিৰ দুৱাৰ মুকলি কৰি দিছিল। ইয়াৰ পিছতে এটাৰ পিছত এটা বিদেশী কোম্পানীয়ে দেশত প্ৰৱেশ কৰিবলৈ ধৰিছিল। এছ ভেংকটৰমণনে ১৯৮৫ চনৰ পৰা ১৯৮৯ চনলৈ কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

Related Articles