Breaking

‘ৰাজ্যৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি’ৰ অভিযোগঃ কাশ্মীৰত চাৰিজন চৰকাৰী কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত…

0 4,459

কাশ্মীৰত চাৰিজন চৰকাৰী কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। ৰাজ্যৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি হৈ পৰাৰ অভিযোগত কাশ্মীৰত চৰকাৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে চাৰিজনকৈ কৰ্মচাৰীক। কৰ্মচাৰী কেইজনক সংবিধানৰ অনুচ্ছেদ ৩১১(২)(গ)ৰ অধীনত বৰ্খাস্ত কৰা হৈছে। সংবিধানৰ এই অনুচ্ছেদে চৰকাৰক কৰ্মচাৰীক তেওঁলোকৰ আচৰণৰ তদন্তৰ নিৰ্দেশ নিদিয়াকৈ বা তেওঁলোকক তেওঁলোকৰ স্থিতি স্পষ্ট কৰাৰ সুযোগ নিদিয়াকৈয়ে বৰ্খাস্ত কৰাৰ অনুমতি দিছে। জম্মু-কাশ্মীৰ চৰকাৰে ডক্টৰছ এছ’চিয়েশ্যন অৱ কাশ্মীৰৰ সভাপতি ড০ নিছাৰ-উল-হাছানকে ধৰি চাৰিজন চৰকাৰী কৰ্মচাৰীক “ৰাজ্যখনৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি” হৈ পৰা বুলি অনুভৱ কৰি বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰিছে।


বুধবাৰে জাৰি কৰা চৰকাৰী নিৰ্দেশত কোৱা হৈছে যে বৰ্খাস্ত কৰা কৰ্মচাৰীসকল “ৰাজ্যৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি” আৰু “ৰাজ্যৰ নিৰাপত্তাৰ স্বাৰ্থত, বিষয়টো তদন্ত কৰাটো সমীচীন নহয়”। চৰকাৰে একেধৰণৰ নিৰ্দেশ জাৰি কৰি কুপৱাৰাৰ আন তিনিজন কৰ্মচাৰীকো বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰিছে। কুনান গাঁৱৰ এজন আৰক্ষী কনিষ্টবল আব্দুল মজিদ ভাট; কুপৱাৰাৰ এজন শিক্ষক ফাৰুক আহমেদ মীৰ; আৰু উচ্চ শিক্ষাৰ পৰীক্ষাগাৰৰ কৰ্মচাৰী তথা দক্ষিণ কাশ্মীৰৰ কুলগামৰ বাসিন্দা আব্দুল ছালাম ৰাথাৰকো বৰ্খাস্ত কৰা হৈছে। শ্ৰীনগৰৰ এছএমএইচএছ চিকিৎসালয় সহকাৰী অধ্যাপক (মেডিচিন) ড০ নিছাৰ-উল-হাছানৰ কাৰ্যকলাপ ৰাজ্য বিৰোধী। সেয়েহে, তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ নিৰ্দেশ দিয়া উচিত বুলি সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা নিৰ্দেশটোত কোৱা হৈছে।

উল্লেখ্য কাশ্মীৰৰ চৰকাৰে ২০২১ চনৰ এপ্ৰিলৰ পৰা এতিয়ালৈকে প্ৰায় ৫৫ জন কৰ্মচাৰীক “ৰাজ্যখনৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি” সৃষ্টি কৰাৰ অভিযোগত বৰ্খাস্ত কৰিছে।উত্তৰ কাশ্মীৰৰ ছপৰেৰ আচাবাল গাঁৱৰ বাসিন্দা ড০ নিছাৰ-উল-হাছান, কাশ্মীৰৰ ডক্টৰএছ’চিয়েচনৰ সভাপতি । তেওঁ চৰকাৰৰ বহু নীতিৰ বিৰুদ্ধে মুকলিকৈয়ে মন্তব্য কৰি আহিছিল।

Leave A Reply

Your email address will not be published.