কি কি উপকাৰিতাৰ কথা জনা যায় ?
- টুথপেষ্ট আবিষ্কাৰ হোৱাৰ আগতে মানুহে মুখৰ দূৰ্গন্ধ আতৰাবলৈ ধনিয়া ব্যৱহাৰ কৰিছিল ৷
- একেদৰে আগৰ দিনত মানুহে শৰীৰৰ ঘামৰ বা দেহৰ আন বেয়া গোন্ধ আতৰাবলৈ ধনিয়া ব্যৱহাৰ কৰিছিল ৷
- চাবুন আৰু আন প্ৰসাধন সামগ্ৰী তৈয়াৰ কৰাত ধনিয়া ব্যৱহাৰ কৰা হয় ৷
- তেজৰ শৰ্কৰা (চুগাৰ) নিয়ন্ত্ৰণত সহায়ক – দেহৰ ইনচুলিনৰ সক্ৰিয়তা ধনিয়াই বঢ়াবলৈ সক্ষম ৷
- উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ধনিয়াৰ ভূমিকা – ধনিয়াত ১৪শতাংশ প’টেচিয়ামৰ বিপৰীতে চ’ডিয়াম থাকে সামান্য (মাত্ৰ ১শতাংশ)৷ সেয়ে তেলৰ নলী বহলাই ৰখাত (Vasodilator action) ৰক্তচাপ হ্ৰাস পায় ৷ তদুপৰি ধনিয়াৰ প্ৰসাব বঢ়োৱা (Diuretic action ) গুণো ৰক্তচাপ কমোৱাত সহায়ক হয় ৷
- অপকাৰী ক’লেষ্টেৰল (LDL) কমায় আৰু উপকাৰী ক’লেষ্টেৰলৰ (HDL)বৃদ্ধি ঘটায় ৷
- পাক প্ৰণালীৰ উপকাৰিতা- পেট ফুলা,বমি ভাৱ কমায় ৷ গ্ৰহণী আৰোগ্য কৰে ; ভোক লগায় আৰু হজম হোৱাত সহায়ক হয় ৷ আমেৰিকাৰ Digestive Diseases and Sciencesত প্ৰকাশিত তথ্য অনুসৰি Irritable Bowel Syndromeত ভোগা ৰোগীয়ে ধনিয়াৰে চিকিৎসা কৰাত উপকৃত হোৱা দেখা গৈছে ৷
- ফুড পইজনিং ৰোধ কৰিবৰ সক্ষমতা ৰাখে – Journel of Agricultural & Food Chemistyত প্ৰকাশিত তথ্যমতে চালমোনেলা বেক্টেৰিয়াৰ বিৰুদ্ধে ধনিয়াৰ এন্টিবেক্টেৰিয়েল গুণ দেখা গৈছে ৷
- হেভি মেটেল পইজনিঙৰ চিকিৎসা- লিড,মাৰকাৰি আদি বিষাক্ত ধাতুৰ অপকাৰিতা হ্ৰাস কৰে ৷
- থাইৰয়েড হৰমোনৰ (হাইপো আৰু হাইপাৰ থাইৰয়েডিজম) উপশম ঘটোৱাত ধনিয়াৰ গুটি সিজোৱা পানী খাবলৈ পৰামৰ্শ দিয়া হয় ৷ হেভি মেটেলৰ প্ৰভাৱত উৎপন্ন হোৱা থাইৰয়েডৰ এন্টিবডি ধনিয়াই বিনষ্ট কৰে আৰু তেজ বিশুদ্ধকৰণ কৰে ৷
- মানসিক ৰোগ প্ৰতিৰোধক – Journel of Molucular Microbiologyত প্ৰকাশিত তথ্যমতে Alzheimers disease, Parkinsonisom, Multiple sclerosis ত ভোগা ৰোগী ধনিয়াৰ দ্বাৰা উপকৃত হোৱা দেখা গৈছে ৷ মেগনেচিয়াম, মেংগানিজ আৰু এন্টিঅক্সিডেন্টে মস্তিষ্কৰ স্নায়ু প্ৰণালীৰ ক্ৰিয়া সুচল ৰখাত সহায় কৰে ৷
- শৰীৰৰ আৰু মনৰ উত্তেজনা,দু:চিন্তা আতৰ কৰাত সহায়ক ৷ সুনিদ্ৰাত সহায় কৰে ৷
- প্ৰসাবৰ সংক্ৰমণৰ উপশম ঘটায় -ইয়াৰ বাবে ২কাপ পানীত দেড় চামুচ ধনিয়া গুটি ৰাতিটো তিয়াইথৈ পুৱা খাবলৈ কোৱা হয় ৷
- কিডনিৰ পাথৰৰ চিকিৎসাত সহায়ক – ধনিয়াৰ Diuretic action আৰু তেজ শুদ্ধিকৰণ গুণৰ দ্বাৰা ৷
- মাহেকীয়াৰ বিষ আৰু অনিয়মীয়া ঋতুস্ৰাবৰ চিকিৎসাত ব্যৱহৃত ধনিয়া হ’ল আয়ুৰ্বেদিক ঔষধি ৷
- এনিমিয়া আতৰ কৰাত সহায়ক –আইৰণ আৰু ভিটামিন-চিৰ বাবে সেয়া সম্ভৱ ৷
- মুখৰ ঘাঁ আৰু দাঁতৰ আলু ফুলা আদি ৰোগ আৰোগ্য কৰে ৷
- বাত বিষ কমায় – ধনিয়াত থকা ভলেটাইল অইলৰ বাবে সেয়া সম্ভৱ ৷
- চৰ্মৰোগ যেনে খৰ (একজিমা), খজুৱতি – আতৰ কৰাত ধনিয়াত থকা ভলেটাইল অইলে সহায় কৰে ৷
- শালমন আৰোগ্য কৰাত সহায়ক ৷
- মুখমণ্ডলৰ পৰা দাগ আৰু বয়সৰ ছাপ আতৰ কৰাত সহায়ক ৷
- চুলিসৰা ৰোধ কৰিবলৈ কেঁচা ধনিয়াৰ পাতেৰে মূৰত ভালদৰে মালিশ কৰিব লাগে ৷
- সূৰ্য্যৰ প্ৰখৰ উত্তাপৰ পৰা সুৰক্ষা – খনিজ আৰু ভিটামিনৰ বাবে শৰীৰৰ ছালখনক আলট্ৰাভায়লেট ৰশ্মি আৰু চানবাৰ্ণৰ পৰা বচাই ৰাখে ৷
- দৃষ্টিশক্তিৰ উন্নতি ঘটায় আৰু নানান চকুৰ ৰোগ উপশম ঘটায় ৷
- যৌন শক্তি বঢ়োৱাত সহায়ক ৷
- কৰ্কট ৰোগ প্ৰতিৰোধক – ইয়াত থকা এন্টি অক্সিডেন্ট অহিতকাৰী ফ্ৰি-ৰেডিকেল বিনষ্ট কৰে ৷
- মেদবহুলতা কমোৱাত সহায়ক – ইয়াৰ বাবে ৫০গ্ৰাম কেঁচা ধনিয়াৰ পাত ৪গিলাচ পানীত ভালদৰে উতলাই সিজাই পানীখিনি চেকি লব ৷ সেয়া ঠাণ্ডা হলে তাত মৌজোল আৰু নেমুৰ ৰস এচামুচকৈ মিহলাব৷ ৰাতিপুৱা খালি পেটত ৭৷১০দিন সেৱন কৰিব ৷
- মাতৃদুগ্ধৰ পৰিমাণ বঢ়োৱাত সহায়ক ৷
লবলগীয়া সতৰ্কতা :
- কাচিৎ ধনিয়াই কোনো লোকৰ ছালত এলাৰ্জি কৰিব পাৰে
- সতৰ্ক হব ৷
- গৰ্ভৱতী মহিলাই সীমিত মাত্ৰাতহে গ্ৰহণ কৰিব ৷
ডা০ ভূপেন শইকীয়া