Breaking

‘আয়ুষ্মান ভাৰত’ আঁচনিৰ নাম হ’ব ‘আয়ুষ্মান আৰোগ্য মন্দিৰ’…

0 124

অতি সোনকালে সলনি হ’ব ‘আয়ুষ্মান ভাৰত’ আঁচনিৰ নাম।আয়ুষ্মান ভাৰত-স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰক এতিয়া ‘আয়ুষ্মান আৰোগ্য মন্দিৰ’ বুলি অভিহিত কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত অনুসৰি চলিত বৰ্ষৰ শেষৰ ফালে ইয়াক কাৰ্যকৰী কৰা হ’ব। প্ৰতিখন ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে কেন্দ্ৰই। ২০১৮ৰ ২৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে উন্মোচন কৰিছিল এই আঁচনিখন।



২৫ নৱেম্বৰত প্ৰেৰণ কৰা এই পত্ৰত মন্ত্ৰালয়ে কয়, ‘এই কেন্দ্ৰসমূহে চিন্তা আৰু স্বাস্থ্যসেৱা প্ৰদানক অসুস্থতাৰ পৰা সুস্থতালৈ লৈ যোৱাত সফল হৈছে। এতিয়া এখোজ আগুৱাই গৈ আয়ুষ্মান ভাৰতৰ সপোন বাস্তৱায়িত কৰি যোগ্য কৰ্তৃপক্ষই আয়ুষ্মান ভাৰত-স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰৰ নাম সলনি কৰি ‘আয়ুষ্মান আৰোগ্য মন্দিৰ’লৈ লোৱাৰ সিদ্ধান্ত লৈছে, যাৰ টেগলাইন হ’ব ‘আৰোগ্যম পৰম ধনম’।

Leave A Reply

Your email address will not be published.