Breaking

ৰাষ্ট্ৰীয় থাং-টা চেম্পিয়নশ্বিপত গোলাঘাটৰ খেলুৱৈৰ সাফল্য…

0 86

ৰাষ্ট্ৰীয় থাং-টা চেম্পিয়নশ্বিপত গোলাঘাটৰ খেলুৱৈৰ সাফল্য।

ঝাৰখণ্ডৰ ৰাঁচীৰ হৰিবংশ টানা ভগত ইনড’ৰ ষ্টেডিয়াম খেলগাৱত যোৱা ২৪ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ অনুষ্ঠিত হোৱা ২৯ সংখ্যক ৰাষ্ট্ৰীয় থাং-টা চেম্পিয়নশ্বিপত অসমৰ হৈ প্ৰতিনিধিত্ব কৰা গোলাঘাট জিলাৰ বৰপথাৰৰ ৫ জন খেলুৱৈয়ে পদক লাভ কৰিবলৈ সক্ষম হৈছে।

অসমৰ হৈ ৭ খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই চেম্পিয়নছিপত ৫ জনে খেলুৱৈয়ে পদক লাভ কৰি অসমৰ লগতে গোলাঘাট জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। পদক লাভ কৰা খেলুৱৈ সকল হৈছে


১.প্ৰণৱ ঠেঙালে স্বৰ্ণ পদক

২. ভাৰত বৰাই ৰূপৰ পদক

৩.লুইত প্ৰটিম গগৈয়ে ৰূপৰ পদক
৪.অভিষেক শৰ্মাই ব্ৰঞ্জৰ পদক আৰু
৫.টুলন হৰ্পালে ব্ৰঞ্জৰ পদক লাভ কৰিছে।

Leave A Reply

Your email address will not be published.