Breaking

মহাদেৱৰ চমৎকাৰ ! উত্তৰাখণ্ডত সুৰংগত আবদ্ধ শ্ৰমিকৰ আঁৰৰ কাহিনী…

0 76

অৱশেষত ১৭ দিনৰ অন্তত উত্তৰাখণ্ডত সুৰংগত আবদ্ধ শ্ৰমিকক সুকলমে উদ্ধাৰ কৰা হয়। শ্ৰমিকসকলক উদ্ধাৰৰ লগে লগে শ্ৰমিকসকলৰ পৰিয়ালত দেখিবলৈ পোৱা গ’ল আনন্দ-উছাহ।

মিঠাই খুৱাই, ফটকা ফুটাই আনন্দ প্ৰকাশ কৰে লোকসকলে। ১৭ দিনৰ অন্তত সুৰংগৰ পৰা উদ্ধাৰ কৰা আটাইকেইজন শ্ৰমিকৰ হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰা হয়। উল্লেখ্য যে উত্তৰাখণ্ডৰ চিল্কয়াৰা সুৰংগত ১৭ দিন ধৰি আবদ্ধ হৈ আছিল এই শ্ৰমিকসকল।

সুৰংগত আৱদ্ধ হৈ থকা ৪১ গৰাকী শ্ৰমিকৰ ভিতৰত অসমৰ ২ জন শ্ৰমিক আছিল। এই শ্ৰমিক দুজন কোকৰাঝাৰৰ সঞ্জয় বসুমতাৰী আৰু ৰামপ্ৰসাদ নাৰ্জাৰী। মঙলবাৰে শ্ৰমিকসকলক উদ্ধাৰৰ পাছতেই সঞ্জয় বসুমতাৰী আৰু ৰামপ্ৰসাদ নাৰ্জাৰীৰ ঘৰত উৎসৱমুখৰ পৰিৱেশ পৰিলক্ষিত হয়।

Leave A Reply

Your email address will not be published.