Breaking

পুনৰ একেলগে আমিৰ-কিৰণ! আমিৰ-কিৰণৰ বিবাহ বিচ্ছেদৰ কাৰণ কি আছিল…

0 89

কিৰণ ৰাও: কিৰণ ৰাওৰ নিজস্ব পৰিচয় আছে, কিন্তু সাধাৰণতে মানুহে তেওঁক আমিৰ খানৰ লগত জড়িত কৰিহে মনত পেলায়। দুয়োৰে মাজত বিচ্ছেদ হৈছে যদিও অতি সোনকালে দুয়োকে একেলগে দেখা পোৱা যাব। অহা বছৰ মুক্তি পাব কিৰণ ৰাওৰ ছবি, কিন্তু তাৰ আগতে কিৰণক আমিৰ সৈতে দেখা যাব কফি উইথ কৰণ ৮ত। প্ৰথম পত্নী ৰীনাৰ সৈতে আমিৰ খানৰ বিবাহ বিচ্ছেদৰ কাৰণ বছৰ বছৰ ধৰি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। আমিৰ খানেও এই সন্দৰ্ভত মুকলিকৈ কথা কৈছে। কিন্তু ২০২১ চনৰ জুলাই মাহত যেতিয়া আমিৰ খানে বিবাহৰ ১৫ বছৰৰ পাছত দ্বিতীয় পত্নী কিৰণ ৰাওৰ সৈতে বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিছিল, তেতিয়া সকলোৱে স্তম্ভিত হৈ পৰিছিল। এই সন্দৰ্ভত দুয়োজনে যৌথ বিবৃতি প্ৰকাশ কৰিছিল। বিচ্ছেদ হোৱাৰ পিছতো দুয়োজনে বন্ধুত্বপূৰ্ণ বন্ধন বজাই ৰাখিছিল আৰু একেলগে পুত্ৰ আজাদৰ যত্ন লয়। কিন্তু দুয়োজনে কিয় পৃথক হ’ল সেয়া ৰহস্য হৈয়েই থাকিল। এতিয়া সম্ভৱ এই ৰহস্যৰ মুকলি হ’ব পাৰে। কৰণৰ সৈতে কফিৰ নতুন ছিজনত আমিৰ খান আৰু কিৰণ ৰাও একেলগে আহিব বুলি খবৰ ওলাইছে।


উল্লেখযোগ্য যে আমিৰ প্ৰাক্তন পত্নী কিৰণ ৰাওৰ পৰৱৰ্তী ছবি লাপাটা লেডিজৰো প্ৰযোজক। আনহাতে অহা বছৰত আমিৰ খানৰ পুত্ৰ জুনাইদে বলীউডত খোজ পেলাব। তেওঁৰ কন্যা ইৰা খানৰো অতি সোনকালে বিয়া হ’বলৈ ওলাইছে। আশা কৰা হৈছে যে আমিৰে নিজৰ কেৰিয়াৰৰ পৰা আৰম্ভ কৰি ব্যক্তিগত জীৱনলৈকে সকলো বিষয়তে আলোচনা কৰিব কফি উইথ কৰণ ছিজন ৮ত।



Leave A Reply

Your email address will not be published.