Breaking

গুজৰাটত বিষাক্ত কফ চিৰাপ খাই পাঁচ জন লোকৰ মৃত্যু…

0 52

গুজৰাটত আয়ুৰ্বেদিক কফ চিৰাপ খাই পাঁচজন লোকৰ মৃত্যু ঘটাৰ খবৰ পোৱা গৈছে। আন দুজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে কফ চিৰাপত বিষাক্ত ৰাসায়নিক পদাৰ্থ আছিল। সেই ঔষধ গ্ৰহণ কৰাৰ পিছত বহুলোক অসুস্থ হৈ পৰে। যোৱা দুদিনত পাঁচজন লোকৰ মৃত্যু হৈছে। স্থানীয় আৰক্ষীয়ে ইতিমধ্যে কফ চিৰাপ বিক্ৰীৰ সৈতে জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকক কফ চিৰাপৰ বিষয়ে প্ৰশ্ন কৰা হৈছে।

গুজৰাটৰ খেদা জিলাত এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি, এখন দোকানত কালমেঘ্শৱ-আচাব অৰিষ্টা নামৰ এটা কফ চিৰাপ বিক্ৰী হৈ আছিল। কফ চিৰাপবিধ বিল্ডোৰা গাঁৱত কমেও ৫০ জন লোকক বিক্ৰী কৰা হৈছিল। বিষাক্ত কফ চিৰাপ খোৱাৰ পিছত বহুলোক অসুস্থ হৈ পৰে। শেহতীয়া প্ৰতিবেদন অনুসৰি, এই কফ চিৰাপ খোৱাৰ পিছত পাঁচজন লোকৰ মৃত্যু হৈছে।

বহুতে ধাৰণা কৰা অনুসৰি কফ চিৰাপত বিষাক্ত ৰাসায়নিক মিথাইল এলকহল আছিল। খেদাৰ এছপি ৰাজেশ গাৰিয়াই কয়, “এজন গাওঁবাসীয়ে কৰা তেজ পৰীক্ষাত প্ৰকাশ পাইছে যে কফ চিৰাপত মিথাইল এলকহল মিহলি কৰা হৈছিল। মিথাইল এলকহল বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা আছে।’

Leave A Reply

Your email address will not be published.