Breaking

মহানায়কঃ উত্তৰাখণ্ডৰ সুৰংগত আবদ্ধ শ্ৰমিকক ‘নিগনি-গহ্বৰ’ খান্দি উদ্ধাৰ কৰিছিল মুন্না কুৰেশ্বীয়ে…

0 60

এজন তেনেই সাধাৰণ শ্ৰমিক। উত্তৰাখণ্ডৰ সুৰংগত ১৬ দিন ধৰি আবদ্ধ হৈ থকা ৪১ জনকৈ শ্ৰমিকক উদ্ধাৰ কৰাৰ আঁৰৰ মহানায়কগৰাকী হৈছে মুন্না কুৰেশ্বী। মুন্নাই মৃত্যুক হাতৰ মুঠিত ৰাখি শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ বাবে ৰেট হ’ল অৰ্থাৎ নিগনি গহ্বৰ খান্দিছিল। অৱশেষত সেই পথেৰেই শ্ৰমিকসকলক উদ্ধাৰ কৰা হৈছিল। নিগনিৰ দৰে গাঁত খান্দি খান্দি মুন্না উপস্থিত হৈছিল আবদ্ধ শ্ৰমিকসকলৰ প্ৰায় কাষত ।ইয়াৰ পিছতে আৰম্ভ হৈছিল উদ্ধাৰৰ পৰ্ব।
কুৰেশ্বীৰ এনে সাহসী প্ৰচেষ্টাৰ বাবেই শ্ৰমিকসকলৰ প্ৰাণ ৰক্ষা পৰিছিল। মুন্না ১২ জন খনিকৰ্মীৰ মাজৰে এজন আছিল, যিয়ে সুৰংগটোত এটা ‘নিগনি-গহ্বৰ’ খান্দিছিল। কাম সফল হোৱাৰ পিছত মুন্নাই সংবাদ মাধ্যমক কৈছে যে সুৰংগটোত প্ৰৱেশ কৰোঁতে তেওঁৰ মৃত্যু হ’লেও, একো ক্ষতি নহ’লহেঁতেন। যিহেতু ৪১ জনৰ জীৱনৰক্ষাৰ বাবেহে তেওঁ নিগনিৰ দৰে গাঁত খান্দি সুৰংগটোত প্ৰৱেশ কৰিছিল।


মুন্না কুৰেশ্বী আৰু তেওঁৰ ১১ জন সহযোগীয়ে যন্ত্ৰই যি কৰিব পৰা নাছিল , সেয়া কৰিছিল। ১৭ দিনৰ পিছত ৪১ জন শ্ৰমিকক অন্ধকাৰ সুৰংগৰ পৰা মুকলি কৰাৰ আঁৰত মুন্না আৰু তেওঁৰ সহযোগীসকলৰ অবদানেই মূল। হৈছে। সংবাদমাধ্যমক দিয়া এক সাক্ষাৎকাৰত মুন্নাই কয় যে মানুহৰ জীৱনৰক্ষা কৰাতকৈ পৃথিৱীত আৰু কোনো ডাঙৰ কাম নাই। এনে কৰিবলৈ যাওঁতে কেতিয়াবা নিজৰ জীৱনো বিপদত পোেলাবলগীয়া হ’ব পাৰে। তেওঁ এতিয়া বহুত সুখী।মুন্নাই কয় “মই শেষ শিলটো আঁতৰ কৰাৰ লগে লগে তেওঁলোকক দেখিছিলো। সকলোৱে আমাক আলিঙ্গন কৰিছিল। আনকি ৪১ জন লোকক বচাবলৈ চেষ্টা কৰোতে এজন ব্যক্তিৰ মৃত্যু হ’লেও সেয়া গুৰুত্বপূৰ্ণ নহয়। কাৰণ ৪১ টা জীৱনৰ ওপৰত নিৰ্ভৰশীল হৈ আৰু বহু কেইটা জীৱন আছে।”


গাঁত খান্দি খান্ধি আবদ্ধ শ্ৰমিকৰ কাষ পোৱাৰ পিছতে হুকহুকাই কান্দি দিছিল মুন্নাই। সেয়া আনন্দৰ কান্দোন। উত্তৰকাশীত উদ্ধাৰ অভিযানৰ অন্যতম নায়ক মুন্না আৰু আন ১১ গৰাকী শ্ৰমিকক চৰকাৰে উপযুক্ত পুৰস্কাৰ প্ৰদান কৰিব লাগে বুলি বহুতে কৈছে। মন কৰিকৰিবলগীয়া কথাটো হ’ল আমেৰিকাৰ পৰা অনা অগাৰ মেচিনটো সুৰংগৰ ভিতৰতে ভাঙি যোৱাৰ পিছত ১২ জন খনি কৰ্মীক ‘নিগনি-গহ্বৰ’ খনন কৰিবলৈ মাতি অনা হৈছিল। তেওঁলোকে ২৬ ঘণ্টাৰ নিৰন্তৰ শ্ৰমৰ পিছত ১০ মিটাৰ গাঁত খান্দিছিল । সেই এক ডজন মানুহৰ কঠোৰ পৰিশ্ৰমেই সুৰংগটোত আৱদ্ধ হৈ থকা ৪১ জন লোকৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল।

Leave A Reply

Your email address will not be published.