Breaking

ৰঙিয়াত বানেশ্বৰ দেৱ শৰ্মা সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন…

0 51

ৰঙিয়াত বানেশ্বৰ দেৱ শৰ্মা সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন।
“কন্ঠশিল্পী ড° অণিমা চৌধুৰীলৈ কন্ঠ সৰস্বতী বঁটা”।
ৰঙিয়াৰ জনপ্ৰিয় সামাজিক সাংস্কৃতিক অনুষ্ঠান সংগীত গ্রুপ অৱ ক্রিয়েচনৰ উদ্যোগত ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱনত বাণেশ্বৰ দেৱশৰ্মা ৰাজ্যিক শিক্ষাগুৰু বঁটা প্রদান অনুষ্ঠান ২০২৩ অনুষ্ঠিত হৈ যায়।
বিশিষ্ট সংস্কৃত পণ্ডিত বাণেশ্বৰ দেৱশৰ্মাৰ সোঁৱৰণত বিগত চাৰি বছৰে ৰঙিয়াৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান সংগীত গ্রুপ অৱ ক্রিয়েচনে অনুষ্ঠিত কৰি অহা ‘প্রয়াত বাণেশ্বৰ দেৱশৰ্মা ৰাজ্যিক শিক্ষাগুৰু বঁটা’ শীর্ষক বঁটা প্রদান অনুষ্ঠান শুভ উন্মোচন কৰে নৰ্থ ইষ্ট কেঞ্চাৰ ইনষ্টিটিউটৰ পৰিচালন অধ্যক্ষ গণেশ তামুলীয়ে‌।সভা উদ্ধোধন কৰি গণেশ তামুলীয়ে‌ কয়,সাম্প্ৰতিক সময়ত পিতৃ-মাতৃৰ প্ৰতি সন্তানৰ অৱজ্ঞা কেঞ্চাৰতকৈও ভয়াৱহ বেমাৰ হিচাপে পৰিগণিত হোৱাৰ সময়তে সংস্কৃতিৰ পুজাৰী পংকজ পল্লৱ শৰ্মা এনে সন্তানৰ আদৰ্শ হ’ব পাৰে।বানেশ্বৰ দেৱ শৰ্মাৰ প্ৰতিচ্ছৱিলৈ শ্ৰদ্ধাঞ্জলি জনায় বিশিষ্ট সাহিত্যিক গোপাল জালানে।আন এগৰাকী সাহিত্য কৰ্মী ডাঃ বিপিন কলিতাই প্ৰয়াত মুনীন্দ্ৰ নাথ শৰ্মা,প্ৰয়াত উমেশ কলিতা,প্ৰয়াত খগেন্দ্ৰ নাথৰ প্ৰতিচ্ছবি লৈ শ্ৰদ্ধাঞ্জলি আগবঢ়াই।

বিশিষ্ট সাহিত্যিক গোপাল জালানে সঙ্গীত গ্ৰুপ অৱ ক্ৰিয়েচনৰ মহান প্ৰয়াসক প্ৰশংসা কৰে।সংস্থাটোৰ সম্পাদক পংকজ পল্লৱ শৰ্মাই সঞ্চালনা কৰা বঁটা প্ৰদান অনুষ্ঠানত নাগাৰা নামৰ পাঠক অচ্যুত ডেকাক ৰঙিয়া ৰত্ন, যশস্বী সাহিত্যিক পুতলী কায়স্থক সুঅনি বঁটা,বিশিষ্ট কণ্ঠশিল্পী ড° অণিমা চৌধুৰীক কণ্ঠ সৰস্বতী বঁটা,আন এগৰাকী প্রবীণ কণ্ঠশিল্পী নীলিমা খাতুনক বাণেশ্বৰ দেৱশৰ্মা জীবনজোৰা সাধনা বটা,ডাঃ স্বাগতা বৈশ্যক গণহিতৈষী বটা,ইলিয়াছ আলিক শ্ৰেষ্ঠ সমাজ সেৱকৰ বঁটা,হিৰন্ময়ী বৰুৱাক কাব্য কংকনা,অনিতা গোস্বামীক কাব্য শিৰোমনি,মজহাৰুল ইছলামক ক্ৰীড়াপ্ৰাণ বঁটা,হেমন্ত কুমাৰ ৰাভাক উমানাথ কৰ্মযোগী বঁটা, তৰণী চৰণ কলিতাক উমানাথ সংবাদ শিড়োমনি বঁটা,ডাঃ স্বাগতা বৈশ্যক গণহিণতৈসি বঁটা,দূৰ্গা কীংকৰ ভট্টাচাৰ্য,ৰিংকু দাসক শিক্ষা উদ্যমিতা সবিতা দেৱীক খাদ্য প্ৰস্তুত কৰণ শ্ৰেষ্ঠ প্ৰশিক্ষক বঁটা,জুনু কলিতাক শ্ৰেষ্ঠ কম্পিউটাৰ শিক্ষক বঁটা প্ৰদান কৰা হয়।ডোৰা কহৰা হাইস্কুলৰ সহ শিক্ষয়িত্ৰী দূৰ্গামনি বৰগোহাঞিক প্ৰয়াত বানেশ্বৰ দেৱ শৰ্মা ৰাজ্যিক শিক্ষাগুৰু বঁটা ২০২৩ প্ৰদান কৰা হয়।শিক্ষাবিদ ড০ নৰকান্ত অধিকাৰী,সবিতা বৰ্মন মজুমডাৰ,তীৰ্থমনি ডেকা,কল্যাণ দাস, কমলেশ্বৰ কলিতা,অনিল চন্দ্ৰ দাস,হৰেশ্বৰ চমুৱাক বছৰটোৰ শ্ৰেষ্ঠ শিক্ষক বঁটা প্ৰদানঢ়কৰা হয়।

লগতে ৰাজনীতি,সাহিত্য,সংস্কৃতি,কৃষি, বিজ্ঞান আদি ক্ষেত্রত উজলি উঠা বিশেষ লোককো বঁটাৰে সন্মানিত কৰা হ’য়। একেটা অনুষ্ঠানত পংকজ পল্লব শৰ্মাৰ সম্পাদনাত প্ৰকাশিত ‘দৈষ্টিক’ নামৰ স্মৃতিগ্রন্থ উন্মোচন কৰে সমাজৰত্ন তথা এমন্ত্ৰণৰ উপ প্ৰৱন্ধক দিনমনি ভাণ্ডাৰ কায়স্থই।উন্মোচনী ভাষণ প্ৰসঙ্গত দৈষ্টিক স্মৃতি গ্ৰন্থ জনৰ জৰিয়তে বৰেণ্য ব্যাক্তি বানেশ্বৰ দেৱ শৰ্মাৰ স্মৃতি চিৰসেউজ হৈ ৰব বুলি আশা ব্যাক্ত কৰে উন্মোচক দিনমনি ভাণ্ডাৰ কায়স্থই।সভাৰ আৰম্ভণিতে কণমানি সৃষ্টি ভৰদ্বাজৰ বেদবাক্য উচ্চাৰণেৰে বঁটা প্ৰদান অনুষ্ঠান শুভাৰম্ভ কৰা হয়।তেওঁক সহায় কৰে সাধনা শৰ্মাই‌।একেটা অনুষ্ঠানতে সৃষ্টিশীল নপুৰ দাঞ্চ একাডেমী,প্ৰণয় পাল দাঞ্চ একাডেমী আৰু দিক্ষীতা দাঞ্চ একাডেমীৰ শিল্পীসকলে নৃত্য প্ৰদৰ্শন কৰে‌।কণমানি হিমাশ্ৰী দাস,জনপ্ৰিয় কন্ঠ শিল্পী অমৰ কিৰণকে ধৰি কেইবাজনো শিল্পীয়ে গীত পৰিবেশন কৰে।দিক্ষিতা গৌতম আৰু ডিম্পী ভট্টাচাৰ্য্য ই ঘোষক হিচাপে দায়িত্ব পালন কৰা সভাখন কনকলতা নামতি দলৰ এটি দিহানামৰে সামৰণি কৰা হয়।

Leave A Reply

Your email address will not be published.