Breaking

ডিমৌৰ বকতাত পকা ধাননিত অ’এনজিচিৰ খাদৰ পৰা এৰিলে বিষাক্ত পানী, স্থানীয় কৃষক ৰাইজৰ প্ৰতিবাদ

0 97

ডিমৌ সমীপৰ বকতাত অ’ এন জি চিৰ এক দায়িত্বহীন আৰু অবিবেচক কাৰু-কাৰ্যৰ ফল ভূগিবলগীয়া হৈছে বকতা গোহাঁই গাঁৱৰ একাংশ কৃষক ৰাইজে! উল্লেখ্য যে অ’এন জি চিৰ লাকুৱা তৈল ক্ষেত্ৰৰ অন্তৰ্গত বকতা গোহাঁই গাঁৱত খনন কাৰ্য চলি থকা কে জি ডি এইচ ৰিগ আৰ্মকো-১ নম্বৰৰ খাদটোৰ পৰা শনিবাৰে পুৱাই জমা হৈ থকা এ টি পিৰ পেলনীয়া বিষাক্ত পদাৰ্থমিশ্ৰিত পানী বাহিৰলৈ এৰি দিয়াত ফলত সমীপৰ পকা ধাননিত বিয়পি পৰি কৃষক ৰাইজৰ ব্যাপক ক্ষয়-ক্ষতি সাধন কৰাৰ গুৰুত্বৰ অভিযোগ উঠিছে।

দেওবাৰে পুৱাই গাঁওখনৰ একাধিক ক্ষতিগ্ৰস্ত ৰাইজে খাদৰ প্ৰৱেশ পথ অৱৰোধ কৰি অ’এনজিচিৰ এনে কাৰ্যৰ তীব্ৰ প্ৰতিবাদ জনায়। ৰাইজে জনোৱা মতে শনিবাৰে পুৱাৰ ভাগতে খাদটোৰ অন্ত:ভাগত জমা হৈ থকা বিষাক্ত পদাৰ্থমিশ্ৰিত পানী এটিপিৰ নিয়োজিত ঠিকাদাৰে বহি:ভাগলৈ এৰি দিয়ে।

ইয়াৰ ফলত সমীপৰ পকা ধাননিত এই পানী বিয়পি পৰাৰ উপৰি স্থানীয় জলাশয় আৰু পুখুৰীত মিহলি হৈ মাছ-পুঠিৰ হানি-বিঘিনি ঘটোৱা বুলি ৰাইজে অভিযোগ কৰিছে। আনকি পথাৰৰ দাই থোৱা পকা ধানৰ মুঠিও এনে বিষাক্ত পানীয়ে বুৰাই পেলোৱাত এতিয়া ৰাইজে অশেষ কষ্টৰ ফলত উৎপাদন কৰা ফচল হেৰুৱাৰ আশংকাত ভুগিছে।

ৰাইজে অভিযোগ কৰা মতে খাদটোত নিয়োজিত এটিপিৰ ঠিকাদাৰে নিজৰ সুবিধাৰ বাবে কালি এনে দায়িত্বহীন আৰু অবিবেচক কাৰ্য সম্পাদন কৰে। অ’এনজিচিৰ তেল খাদৰ পৰা নিৰ্গত বিষাক্ত পদাৰ্থমিশ্ৰিত পানীয়ে ক্ষতিগ্ৰস্ত কৰা কৃষকসকলক শীঘ্ৰেই উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনৰ লগতে অ’এনজিচিক ভুক্তভোগী ৰাইজে দাবী জনাইছে। ইয়াৰ অন্যথা ৰাইজে ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লবলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে।

Leave A Reply

Your email address will not be published.