Breaking

নাইজেৰিয়াত আৱদ্ধ টংলাৰ যুৱক মেঘজ্যোতি চহৰীয়াক উদ্ধাৰ

0 184

ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত উত্তৰ জঙ্ঘলপাৰা গাঁৱৰ যুৱক তথা মেকানিকেল ইঞ্জনিয়াৰ মেঘজ্যোতি চহৰীয়াই কৰ্মৰ সন্ধানত গৈ সুদূৰ নাইজেৰিয়াত আৱদ্ধ হৈ থাকিবলগীয়া হোৱাত পৰিয়াল , আত্মীয় স্বজন বিনিন্দ্ৰ ৰজনী কটাবলগীয়া হৈছিল। অসম বিধানসভাৰ অধ্যক্ষ তথা পানেৰী সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰী, ওদালগুৰি জিলা, ভেৰগাঁও মহকুমা প্ৰশাসন , সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৎপৰতাত প্ৰতিভাবান যুৱকজন উদ্ধাৰ হোৱা ঘটনাই পৰিয়াল, ওদালগুৰি জিলাত আনন্দৰ বন্যা বৈছে।

প্ৰাপ্ত তথ্য অনুসৰি ওদালগুৰি জিলাৰ টংলাৰ উত্তৰ জঙ্ঘলপাৰা নিবাসী বিপিন চহৰীয়া আৰু মৌচুমী চহৰীয়াৰ কণিষ্ঠ পুত্ৰ মেঘজ্যোতি চহৰীয়া এমাহ ধৰি সুদূৰ নাইজেৰিয়াত কৰ্ম সূত্ৰে গৈ দালালৰ পাকচক্ৰত পৰি আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল। মেকানিকেল ইঞ্জিনিয়াৰ ডিগ্ৰীধাৰী ২৫ বছৰীয়া যুৱক মেঘজ্যোতিক কাম দিম বুলি পশ্চিম বংগৰ সন্দীপ আগৰৱালা নামৰ এজন দালালে ECOVISTA PVT LTD ত কৰ্ম সংস্থাপন দিম বুলি নাইজেৰিয়ালৈ লৈ গৈছিল।

কিন্তু দিন যোৱাৰ লগে লগে যোগ্যতা অনুযায়ী কৰ্ম সংস্থাপন নিদি কষ্টকৰ অন্য কামহে কৰিবলৈ দিয়াত বিমোৰত পৰে যুৱক মেঘজ্যোতি । তথাপিতো মালিক তথা দালালৰূপী সন্দীপ আগৰৱালাৰ কথাত ভোল গৈ কাম কৰে। মেঘজ্যোতিৰ দেহত বেমাৰে বাহ লোৱাত চিকিৎসাৰ সুবিধা ভালদৰে নোপোৱাৰ লগতে দালালজনে মৰি যা, আত্মহত্যা কৰা ইত্যাদি কৈ ভাবুকি দিয়ে ।মেঘজ্যোতিয়ে নগুৰ নাগতি হোৱাৰ কথা উপায়হীন হৈ নিজৰ পিতৃ- মাতৃক ফোন, হোৱাটছ এপযোগে জনোৱাত পৰিয়ালটোৰ মাজত হাহাকাৰৰ সৃষ্টি হয়।

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত বৰা কোচৰ জৰিয়তে জিলা আয়ুক্ত ,আৰক্ষী অধীক্ষক, ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া দুৰ্গা কিংকৰ শৰ্মা , মহকুমাধিপতি পল্লৱী কছাৰী, সাংসদ দিলীপ শইকীয়া ,স্থানীয় বিধায়ক বিশ্বজিৎ দৈমাৰী অৱগত হৈ যুৱকজনক উদ্ধাৰ কৰিবলৈ দায়িত্ব মূৰ পাতি লয়। ভাৰত চৰকাৰৰ নাইজেৰিয়াত থকা উচ্চ আয়ুক্তৰ জৰিয়তে তৎপৰতাৰে নাইজেৰিয়াৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা লগতে অহা -যোৱাৰ খৰছ বহন কৰি সুন্দৰ নিদৰ্শন দাঙি ধৰা বাবে পৰিয়াল তথা মাতৃ মৌচুমী চহৰীয়াই বিশ্বজিৎ দৈমাৰীক অশেষ ধন্যবাদ জ্ঞাপন কৰে আৰু এনেকুৱা সমাজপ্ৰিয়, বিপদৰ বন্ধুহে জনপ্ৰতিনিধি হব লাগে বুলি কয়।

বুধবাৰে পৰিয়ালটোৰ কাষত উপস্থিত হৈ বিধায়ক বিশ্বজিৎ দৈমাৰীৰ প্ৰতিনিধি জৌশ্ৰাং বড়ো, যুৱ নেতা অৰ্জুন দৈমাৰী, সমৰেশ দাস, ৰাহুল বড়ো পীতাম্বৰ ডেকা, আক্ৰাছু’ ৰ কেন্দ্ৰীয় নেতা হেমন্ত বৰা কোচ, হেমন্ত ডেকাই শান্তনা দিয়াৰ লগতে কাইলৈ যুৱকজন ঘৰলৈ আহি পাৱ বুলি জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.