আজি সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ হোমেন বৰগোহাঞিৰ জন্ম বাৰ্ষিকী…

৭ ডিচেম্বৰত বৰগোহাঞিৰ ছাৰৰ জন্ম বাৰ্ষিকীত

হোমেন বৰগোহাঞিৰ চুটিগল্পৰ বিশেষত্ব

হোমেন বৰগোহাঞি বিংশ শতাব্দীৰ এগৰাকী আগশাৰীৰ চুটিগল্পকাৰ। তেওঁৰ চুটিগল্পৰ সংখ্যা পঞ্চাশৰ বেছি নহয়। তথাপি এই সীমিতসংখ্যক গল্পৰ ভিতৰতে তেওঁ এখন জগত সৃষ্টি কৰিবলৈ সমৰ্থ হৈছে। তেওঁৰ গল্পৰ সংখ্যা সীমিত হোৱাৰ ইও এটা কাৰণ যে তেওঁ একেটা বিষয়বস্তুকে একাধিকবাৰ ব্যৱহাৰ নকৰে। তেওঁ সদায় বিষয়ৰ পৰা বিষয়ান্তৰলৈ গতি কৰে। বিষয়বস্তু আৰু পৰিৱেশৰ বৈচিত্ৰ্য্য, চৰিত্ৰ নিৰ্বাচন তথা অংকনৰ দৃঢ়তা আৰু ৰীতিৰ ঘননিৱদ্ধতাই তেওঁৰ গল্পক এটা বিশেষ আয়তন দান কৰিছে। বৰগোহাঞি এগৰাকী বাটকটীয় সাহিত্যিক। তেওঁ মহাযুদ্ধৰ কালছোৱাত ডাঙৰ-দীঘল হৈছিল। বিংশ শতাব্দীৰ পঞ্চম দশকৰ গণজীৱনক বিপৰ্যস্ত কৰা দুৰ্ভিক্ষ, জিঘাংসা, চোৰাং ব্যৱসায়, ভ্ৰষ্টাচাৰ, অনৈতিকতা আদিয়ে তেওঁৰ মনত গভীৰভাবে ৰেখাপাত কৰিছিল। মহাযুদ্ধ বা তাৰ প্ৰস্তুতিপৰ্বই গৰকি যোৱা ওপৰ অসমৰ চহৰতলী তথা গ্ৰামাঞ্চলত এক উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছিল। এনেবোৰ অভিজ্ঞতা বৰগোহাঞিয়ে নিজৰ অলক্ষিতে ভালদৰে মজ্জাগত কৰিছিল। কম বয়সতে বুজন হোৱা প্ৰতিভা শ্চত্নব্জঙ্গন্তুপ্সন্তুiপ্সব্ভব্দ ব্ধaচ্ঞঙ্গুব্ধগ্গ হিচাপে তেওঁ নানান নিষিদ্ধ বা ব্যতিক্ৰমী অঞ্চলত তেওঁৰ অভিজ্ঞতাক পূৰঠ কৰিছিল। বৰগোহাঞিয়ে কম বয়সতে পশ্চিমৰ আধুনিক সাহিত্য আৰু চিন্তাচৰ্চাৰ খবৰ ৰাখিবলৈ আৰম্ভ কৰিছিল। কৈশোৰ আৰু যৌৱনৰ আদিতে তেওঁৰ বিস্তৃত অধ্যয়নে তেওঁৰ প্ৰতিভাদীপ্ত মনক আচ্ছন্ন কৰি ৰাখিছিল। তেওঁৰ ৰচনাত বডলেয়াৰ আৰু লৰেন্স আদি অগ্ৰণী লেখকৰ প্ৰসংগ প্ৰায়েই উচ্চাৰিত হৈছিল।


হোমেন বৰগোহাঞিয়ে তেওঁৰ সৃষ্টিশীল জীৱনৰ প্ৰথম দুটা পৰ্যায়ত ক্ৰমে ফ্ৰয়ড আৰু মাৰ্’ৰ প্ৰতি আকৃষ্ট হৈ তেওঁৰ উপলব্ধ জ্ঞানেৰে তেওঁৰ জীৱন এষণাক পূৰঠ কৰিছিল। বৰগোহাঞিৰ জীৱনৰ প্ৰথম গল্পত ঘাইকৈ ফ্ৰয়ডীয় প্ৰভাৱেই সাৰ্বভৌম হৈ আছিল। কলেজীয়া জীৱনত লিখা গল্পবোৰত তাৰ পৰিচয় পোৱা যায়। এই প্ৰভাৱ অনেক সময়ত লৰেন্স আদি পশ্চিমীয়া কথা-সাহিত্যিকৰ প্ৰভাৱৰ যোগেদি অহা। তেওঁৰ কোনো কোনো গল্পত অস্তিত্ববাদী আৰু আন কোনো গল্পত স্বভাৱবাদী লেখকসকলৰ প্ৰভাৱো দেখিবলৈ পোৱা যায়।
দ্বিতীয় মহাযুদ্ধত বিধ্বস্ত ইউৰোপৰ ছবি অংকন সন্দৰ্ভত তাৰ লেখকসকলে কৰা পৰীক্ষা-নিৰীক্ষাৰ প্ৰতি বৰগোহাঞিৰ অপাৰ কৌতূহল আছিল। এই বাটেৰে তেওঁৰ অস্তিত্ববাদী লেখকসকলৰ লগত পৰিচয় ঘটে। ‘যৌৱন’ গল্পত লেখকৰ প্ৰতিৰূপ অমিয়ৰ বয়ঃপ্ৰাপ্তিৰ আধাৰত লিখা ‘যৌৱন’ গল্পত তাৰ স্বাক্ষৰ আছে। তেওঁৰ অন্যতম শ্ৰেষ্ঠ গল্প ‘অে”াপাছ’তো ব্যৱহাৰিক অস্তিত্ববাদৰ ছাপ অনুভূত হয়। চৰিত্ৰপ্ৰধান গল্পটোত অপৰাধপ্ৰৱণতাৰ নিৰ্মোহ ছবি অংকিত হৈছে।
ৰামধেনু যুগত হোমেন বৰগোহাঞিৰ গল্পই পাঠক সমাজত আলোড়নৰ সৃষ্টি কৰিছিল। ‘পূৰ্বদেশ’ৰ সম্পাদকৰ লগত হোৱা সাক্ষাৎ প্ৰসংগত তেওঁ কৈছিল— ‘মাত্ৰ আধা ডজন গল্প লিখিয়েই মই সকলোৰে মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হ’লো।’ খুব সম্ভব তাৰ কাৰণ আছিল এয়ে যে মধ্যবিত্ত অসমীয়া লেখকে যিবোৰ চিৰপৰিচিত আৰু নিৰাপদ বাটত বিচৰণ কৰে, তাৰ পৰা কিছু আঁতৰলৈ গৈ মই কেইটামান নিষিদ্ধ অন্ধকাৰ গলিত প্ৰবেশ কৰিছিলো আৰু তাৰ পৰা বুটলি আনিছিলো বেশ্যা, গুণ্ডা, খুনী, আৰু মানসিক ৰোগীৰ দৰে কিছুমান ব্ৰাত্য চৰিত্ৰ। এনে চৰিত্ৰৰ অন্তঃস্থলীত সোমাই সিহঁতৰ অন্তৰ্জগত উদ্ভাসিত কৰাৰ ক্ষেত্ৰত বৰগোহাঞিৰ কৃতিত্ব অতুলনীয়। বডলেয়াৰৰ কবিতা পঢ়ি ভিক্তৰ হিউগোৱে চমৎকৃত হৈ ‘তুমি ফৰাচী সাহিত্যলৈ এটি নতুন ‘চেনচেচন’ আমদানি কৰিলা’ বুলি কৈ কবিগৰাকীক অভিনন্দিত কৰিছিল। নতুন ‘চেনচেচন’ অবিহনে সাহিত্যৰ নৱীকৰণ অসম্ভৱ। এইক্ষেত্ৰত ৰামধেনু যুগৰ আদি স্তৰতে হোমেন বৰগোহাঞিৰ পুৰষাৰ্থ অভিনন্দন যোগ্য।
‘আবেলিৰ আলিবাটৰ গল্প’ বৰগোহাঞিৰ প্ৰথম প্ৰকাশিত গল্প। কলেজত থকা কালতে লিখা গল্পটোত প্ৰকাশ পোৱা বিষয়বস্তুৰ অভিনৱত্বই পাঠকক আকৰ্ষণ কৰিছিল, আজিও কৰে। ভৱানন্দ দত্তৰ দৰে তীক্ষ্নধী সমালোচক গল্পটোৰ লেখকক লগ ধৰিবলৈ উদ্‌গ্ৰীৱ হৈ পৰিছিল। গল্পটো বহু কাৰণত আধুনিকতাৰ দলিল হিচাপে স্বীকৃত হৈছে। গল্পটোত ভাৱৰ আন একো ঐক্য নাই। আখ্যায়কৰ চকুৰ আগেদি চিনেমাৰ দৰে কিছুমান দৃশ্য আৱৰ্তিত হৈছে। আপাতদৃষ্টিত এই দৃশ্যবোৰৰ বিশেষ একো গুৰুত্ব নাই। পৰ্দাখনত গহীন আৰু তুলুঙা একাকাৰ হৈছে আৰু অতি গুৰুত্বহীনেও গুৰুত্ব পাইছে। এই ব্যাখ্যাৰে গ’লে এক যথাৰ্থভাৱে আধুনিক গল্প সাহিত্য বা উপন্যাসৰ পৰা আবিষ্কৃত হ’লহেঁতেন।
আপাতদৃষ্টিত বিক্ষিপ্ত যেন লাগিলেও গল্পটোত এটা সুদৃঢ় যোগসূত্ৰ বৰ্তমান। এই সূত্ৰডাল হ’ল আখ্যায়কৰ অন্তৰংগ জীৱনত আলোড়ন সৃষ্টি কৰা চহৰৰ এটি অংশ, য’ত সমাপ্ত পৃথিৱীৰ বিচিত্ৰ অভিজ্ঞতা উন্মুক্ত হৈ আছে। বৰগোহাঞিৰ এনেবোৰ গল্পত বৌদ্ধিকতাৰ ছাপ অনস্বীকাৰ্য। চহৰখনিৰ প্ৰতি ওপজা বিদ্বেষমিশ্ৰিত সন্মোহনেও গল্পটোৰ প্ৰাণকেন্দ্ৰত ক্ৰিয়া কৰিছে।


দ্বিতীয় মহাযুদ্ধৰ প্ৰত্যক্ষ বা পৰোক্ষ অভিজ্ঞতাই ‘ৰামধেনু যুগ’ৰ গল্পকাৰসকলক সাৰ্থকভাৱেই আলোড়িত কৰিছিল। হোমেন বৰগোহাঞিৰ গল্পতো যুদ্ধৰ দূৰণিবটীয়া জোকাৰণি লাগিছে। মহাযুদ্ধখন নোহোৱা হ’লে হোমেন বৰগোহাঞিৰ ‘অে”াপাছ’ গল্পত হনে ব’বৰ দৰে সমাজবহিৰ্ভূত মানুহৰ সৃষ্টি নহ’লহেঁতেন আৰু ‘আবেলিৰ আলিবাটৰ গল্প’ৰ দৰে ‘আধুনিক’ গল্পৰো সৃষ্টি নহ’লহেঁতেন। বৰগোহাঞিৰ গল্পত মহাযুদ্ধৰ অভিজ্ঞতা ভালদৰে জীন গৈছে। হোমেন বৰগোহাঞিৰ গল্পত ফ্ৰয়ডীয় আৰু মাৰ্’ীয় চিন্তাধাৰাই গভীৰভাৱে বিস্তাৰ কৰিছিল। এই চিন্তাধাৰা দুটিৰ আলমত তেওঁ মধ্যবিত্তীয় জীৱনৰ ফোঁপোলা অৱস্থাটোৰ স্বৰূপ উদঙাই ধৰিছে। তেওঁৰ আদি স্তৰৰ গল্পত মনস্তাত্ত্বিক চিন্তাচৰ্চাৰ পয়োভৰ ঘটিছিল। বিভিন্নজনৰ মানসিক অভিব্যক্তি তেওঁৰ মজ্জাগত আছিল। তেওঁৰ গল্পত ফ্ৰয়ডীয় মনস্তত্ত্ব আৰু ফ্ৰয়ডীয় জিজ্ঞাসাৰ ছাপ আছে। ইদিপাচ কমপ্লে’ৰ আধাৰতো তেওঁ গল্প লিখিছিল।
দুৰ্বল মানুহৰ মনোবৃত্তিক বৰগোহাঞিয়ে সুন্দৰভাৱে ৰূপায়িত কৰিছে। ‘শিশুৰ হাঁহি’ গল্পত গাঁৱলীয়া ঠাইত পেট প্ৰৱৰ্তোৱা ধোবা এজনৰ লাওলোৱা জীৱন ইমান মৰ্মস্পৰ্শীভাবে অংকন কৰিছে, ক্ষন্তেকৰ বাবে হ’লেও পাঠকৰ মনত সমাজ পৰিৱৰ্তনৰ আকাংক্ষা জাগি উঠে। এনেধৰণৰ বঞ্চিত পৰিয়ালত শিশোৱেও হাঁহিবলৈ পাহৰে।
‘ইছমাইল শ্বেখৰ সন্ধানত’ গল্পত মানৱীয় পৰিস্থিতিৰ কাৰুণ্য ভালদৰে ফুটি উঠিছে। কি দুখত ইছমাইল শেখে পিতৃ-ভিঠা হেৰুৱাই জাঁজিৰ দৰে ছিন্নমূল অৱস্থাপ্ৰাপ্ত হ’ল আৰু কি দুখত শিক্ষিত গাভৰু মণিমালাই বেশ্যাবৃত্তি অৱলম্বন কৰিবলগীয়া হ’ল, তাৰ মৰ্মস্পৰ্শী খতিয়ান গল্পটোত সুন্দৰভাৱে অংকিত হৈছে।
বৰগোহাঞিৰ আদিস্তৰৰ ‘বিভিন্ন নৰক’ নামৰ সংকলনত প্ৰকাশ পোৱা কেইটামান গল্পত মাৰ্’ীয় চেতনাৰ ছাপ বাৰুকৈয়ে পৰিছে। ‘চোৰ’ এই পৰ্যায়ৰ এটি মৰ্মস্পৰ্শী গল্প। আখ্যায়কে দেখিলে যে গিৰিহঁতে ভাত খাই উঠি শুবৰ যোগাৰ কৰা সময়ত তেওঁৰ চাকৰজনে কিবাহৰ টোপোলা এটা বান্ধি নৈৰ পাৰৰ ঘিঞ্জি ঠাইলৈ ঢাপলি মেলিছে। আখ্যায়কে তাক অনুসৰণ কৰিলে। তেওঁ দেখিলে ল’ৰাটিৰ ৰুগ্না বুঢ়ীমাকে হাকুবিকুকৈ সি খাবলৈ কি আনিছে, চাবলৈ ঢাপলি মেলি আহিল। সি পাতৰ এৰেহা ভাত কেইটামান মাকলৈ বান্ধি আনিছিল, আখ্যায়কৰ তম্বি-গন্বিত ভাতকেইটা তাৰ হাতৰ পৰা সিঁচৰতি হৈ পৰিল। পৰিস্থিতিটো মৰ্মস্পৰ্শী।
বৰগোহাঞি নাৰীবাদী লেখক হয়নে নহয়, ক’ব নোৱাৰো। কিন্তু নিমাখিত চহা জীৱনত নাৰীৰ মৰ্মবেদনা তেওঁতকৈ মৰ্মস্পশীভাৱে কোনেও অংকন কৰা নাই। ‘জলছবি’ গল্পত যুগ যুগ ধৰি বঞ্চিতা আৰু নিৰ্যাতিতা নাৰীৰ নিৰ্যাতনৰ বাস্তৱ ছবি অংকিত হৈছে। আসন্নপ্ৰসৱা, মুমূৰ্ষু তিৰোতা এজনীক বচাবলৈ চহৰৰ পৰা ডাক্তৰ অনাতকৈ নতুন এজনী বিয়া কৰাই অনাটো কম ব্যয়সাপেক্ষ— এই ধাৰণাই অশিক্ষিত আৰু অন্ধকাৰাচ্ছন্ন কৃষক জীৱনৰ কেন্দ্ৰস্থলত ক্ৰিয়া কৰিছে। সংস্কাৰে বিমূঢ় কৰা চহা স্বামী-স্ত্ৰীৰ জীৱনত পতি-পত্নীৰ মাজত থাকিবলগীয়া সহজাত ভালপোৱা জলছবিৰ দৰেকৈ নিশ্চিহ্ন হৈ যায়। ষষ্ঠ দশকৰ গল্পত দেখিবলৈ পোৱা বাস্তৱৰ ছবি হোমেন বৰগোহাঞিৰ গল্পতহে এনে বলিষ্ঠ ৰূপত বিবৃত হোৱা দেখা যায়।
ৰোমাণ্টিক প্ৰেমৰ ৰঙীণ জগতখনত বৰগোহাঞিৰ যৌন জীৱনৰ বিষয়ে লিখা গল্পবোৰেও নতুনত্বৰ স্বাদ বহন কৰিছিল। জোলাধৰ্মী স্বভাৱবাদৰ আধাৰত লিখা ‘জন্ম’ গল্পত কামনা-বাসনা-জৰ্জৰিত সংঘৰ্ষৰ ছবি অংকিত হৈছে।
তৰুণ বয়সৰ পৰা বৰগোহাঞি এইদৰে বিষয়বস্তুৰ অভিনৱত্বৰ অনুসন্ধানত ব্ৰতী হৈছিল। নতুন নতুন বিষয়বস্তুৰ অনুসন্ধান, নতুন চিন্তাচৰ্চাৰ প্ৰয়োগ আৰু তাকে প্ৰকাশ কৰিবলৈ তেওঁ কৰা নিৰলস পৰীক্ষা-নিৰীক্ষাই, তেওঁক আধুনিক অসমীয়া সাহিত্যৰ এগৰাকী অগ্ৰণী বাৰ্তাবাহক হিচাপে চিহ্নিত কৰে।


ফ্ৰয়ডীয় মনস্তত্ত্ব আৰু অস্তিত্ববাদৰ দৰে আচহুৱা চিন্তাৰ প্ৰতি গভীৰভাবে আকৃষ্ট হ’লেও আৰু চহৰৰ খুনী, ডকাইত, মদপী আৰু বেশ্যাৰ জীৱনৰ ছবি দাঙি ধৰিলেও বৰগোহাঞিৰ এক বুজনসংখ্যক গল্প গাঁৱৰ পৰিৱেশত প্ৰকৃতি আৰু পশু-পক্ষীৰ লগত মানুহৰ সম্পৰ্কৰ বিষয়ে লিখা। অনেক পথ অতিক্ৰম কৰাৰ পিছত তেওঁৰ সৃষ্টিকৰ্মৰ শেষৰ পৰ্যায়ত বৰগোহাঞিয়ে তেওঁৰ শৈশৱৰ তথা কৈশোৰৰ স্মৃতিঘেৰা শুৱনি গাঁওখনলৈ উভতি চাইছে। মনস্তাত্ত্বিক সংঘাত আৰু সামাজিক শ্ৰেণী সংঘৰ্ষৰ জগতখনৰ প্ৰতি তেওঁৰ অন্যতম শ্ৰেষ্ঠ গল্প ‘গৰখীয়া’ত তেওঁৰ শৈশৱৰ গাঁও আৰু তাৰ সামুহিক জীবনৰ এক অবিস্মৰণীয় ছবি অংকন কৰিছে। এই ছবি বাস্তৱ আৰু সতেজ। মানুহ আৰু গৰুৰ মৰমত বান্ধখোৱা গৰখীয়াৰ মুকলিমূৰীয়া জীৱন, সেই জীৱনৰ মোহ এৰিবলগীয়া হোৱাৰ বেদনা, কিশোৰ মনত প্ৰেমৰ ফুলকলিসদৃশ উন্মেষ আদি এশ এবুৰি কথা ৰূপকথাৰ দৰে মনোৰমকৈ সুদৃঢ় তুলিকাৰে অংকন কৰা হৈছে। এই প্ৰত্যাবৰ্তনে এক ক্লান্ত বৰগোহাঞিৰ কথা আমাৰ মনলৈ অনা নাই। ই তেওঁৰ বলিষ্ঠ কল্পনাৰ এক তেজাল অভিব্যক্তি, যি আচহুৱা অভিজ্ঞতাৰ বৈচিত্ৰ্য্যৰ মাজতো তেওঁৰ মনৰ গহনত প্ৰচ্ছন্ন হৈ আছিল।
দীপক কুৰ্মী
ফোনঃ ৯৮৫৪৬৬৭১৪৬

Related Articles