Breaking

২০১৮ চনৰ পৰা বিদেশত কৰুণ মৃত্যুক সাৱটি লৈছে ৪০৩গৰাকী ভাৰতীয় ছাত্ৰইঃ কেন্দ্ৰীয় মন্ত্ৰী ভি মুৰালীধৰণে…

0 49

২০১৮ চনৰ পৰা বিদেশত কৰুণ মৃত্যুক সাৱটি লৈছে ৪০৩গৰাকী ভাৰতীয় ছাত্ৰইঃকেন্দ্ৰীয় মন্ত্ৰী ভি মুৰালীধৰণে। বিদেশলৈ অধ্যয়নৰ বাবে গৈ কৰুণ মৃত্যুক সাৱটিলে শতাধিক ভাৰতীয় শিক্ষাৰ্থীয়ে।তথ্য অনুসৰি ২০১৮ চনৰ পৰা বিদেশত পঢ়িবলৈ গৈ মৃত্যুক সাবটিছে ৪০৩গৰাকী ভাৰতীয় ছাত্ৰই। বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মুৰালীধৰণে ৰাজ্যসভাত এই তথ্য প্ৰকাশ কৰে। অধিকাংশ ভাৰতীয় শিক্ষাৰ্থীৰ কানাডাত মৃত্যু হৈছে। পৰিসংখ্যা অনুসৰি ২০১৮ চনৰ পৰা ২০২৩ চনলৈ বিদেশত থকাৰ সময়তে ৪০৩ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হৈছে। ইয়াৰে ৯১ জন কানাডালৈ পঢ়িবলৈ গৈছিল। দ্বিতীয় স্থানত আছে ব্রিটেইন। সেই দেশত ৪৮ গৰাকী ভাৰতীয় শিক্ষার্থীয়ে প্ৰাণ হেৰুৱাইছে।

ইয়াৰ পিছত তালিকা অনুসৰি ৰাছিয়া (৮০), আমেৰিকা (৩৬), অষ্ট্রেলিয়া (৩৩), ইউক্রেইন (২১), জার্মানী (২০), চাইপ্রাছ (১৪), ইটালী(১০) আৰু ফিলিপাইনছত ১০ জন শিক্ষার্থীৰ মৃত্যু হৈছে।

এই তথ্যৰ সৈতে বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয়, ‘বিদেশত ভাৰতীয় ছাত্র-ছাত্রী যাতে সুৰক্ষিত হৈ থাকে সেয়া নিশ্চিত কৰাটো কেন্দ্ৰীয় চৰকাৰৰ অন্যতম মূল লক্ষ্য।

Leave A Reply

Your email address will not be published.