Breaking

হিমাচলত বৰফ! পঞ্জাৱ, দিল্লী; উত্তৰ প্ৰদেশত প্ৰচণ্ড ঠাণ্ডা…

0 69

বতৰৰ আপডেটঃ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ১২ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰলৈ আকাশ পৰিষ্কাৰ হোৱাৰ সম্ভাৱনা আছে আৰু সৰ্বোচ্চ তাপমাত্ৰা ২৩ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হ’ব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি পাহাৰত প্ৰচণ্ড বৰফ পৰাৰ বাবেই এনে হৈছে। উত্তৰ-পূব ভাৰতৰ হিমালয়ৰ ৰাজ্য জম্মু-কাশ্মীৰ, লাডাখ, হিমাচল প্ৰদেশ, চুবুৰীয়া দেশ নেপাল, ভূটান আৰু অৰুণাচল প্ৰদেশৰ শিখৰত তুষাৰপাত অব্যাহত আছে। বৰফ পৰাৰ বাবে ভৈয়াম ৰাজ্যসমূহত ঠাণ্ডা বৃদ্ধি পাইছে। পঞ্জাৱত যোৱা কেইদিনমানৰ পৰা বৃদ্ধি পোৱা ঠাণ্ডাৰ বাবে তাপমাত্ৰা হ্ৰাস পাইছে।

পঞ্জাৱত ঘন কুঁৱলীৰ বাবে বিমান যাতায়ত ক্ষতিগ্ৰস্ত হয়। বহু ঠাইত ঠাণ্ডাৰ বাবে তাপমাত্ৰা ৫ ডিগ্ৰীলৈ হ্ৰাস পায়। ক্ৰমাৎ বৃদ্ধি পোৱা ঠাণ্ডাৰ বাবে মানুহক গৰম কাপোৰ পৰিধান কৰি জুইৰ কাষত বহিবলৈ নিৰ্দেশ দিয়া হৈছে। হাৰিয়ানাৰ বহু ঠাইত ঘন কুঁৱলী দেখা গৈছে। একেদৰে বিহাৰ আৰু নেপালৰ কাষৰীয়া অঞ্চলৰ লোকসকলেও কুঁৱলীৰ বাবে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷

Leave A Reply

Your email address will not be published.