Breaking

পাঁচখন ৰাজ্যত ‘বিকশিত ভাৰত সংকল্প যাত্রা’ৰ ফ্লেগ্‌-অফ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

0 54

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ হিতাধিকাৰীও আজিৰ এই সংকল্প যাত্রাত চামিল হয়। এই সময়ছোৱাত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ডিব্ৰুগড় জিলাৰ পৰা বিকশিত ভাৰত সংকল্প যাত্ৰাত সংযুক্ত হয়। বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ ঐক্যবদ্ধ সংকল্পেৰে শনিবাৰে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ ধামদুমীয়াত ‘বিকশিত ভাৰত সংকল্প যাত্রা’ত অংশগ্রহণ কৰে আৰু বিকশিত ভাৰতৰ সংকল্প পাঠ কৰে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে আৰু মোদী চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিয়েতেওঁলোকৰ জীৱনলৈ কিদৰে আমূল পৰিৱৰ্তনৰ সূচনা কৰিছে, সেই বিষয়ে বুজ লয়।
বিকশিত ভাৰত সংকল্প যাত্রা হৈছে ভাৰত চৰকাৰৰ সর্ববৃহৎ জন ভাগীদাৰী পদক্ষেপ, যিয়ে অহা বৰ্ষৰ ২৫ জানুৱাৰীৰ ভিতৰত সমগ্ৰ দেশৰ ২.৬০ লাখ গাঁও পঞ্চায়ত আৰু ৪,০০০ৰো অধিক ইউএলবি-ক সামৰি ল’ব। মাত্র এমাহৰো কম সময়ৰ ভিতৰতে এই যাত্রা দেশৰ ৬৮,০০০ গাঁও পঞ্চায়তৰ ২.৫০ কোটিৰো অধিক নাগৰিকৰ ওচৰলৈ গৈছে। তদুপৰি, প্ৰায় ২ কোটি লোকে বিকশিত ভাৰতৰ সংকল্প গ্রহণ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ ২ কোটিৰো অধিক হিতাধিকাৰীয়ে ‘মেৰী কাহানী মেৰী জুবানী’ পদক্ষেপৰ অধীনত তেওঁলোকৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰিছে।


কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ভাষণ প্রসংগত কয়, “বিকশিত ভাৰতৰ এই সংকল্প যাত্রা হৈছে এখন নতুন, শক্তিশালী, সমৃদ্ধিশালী আৰু সুস্থ-সবল ভাৰতৰ দিশত ‘মোদী কি গেৰাণ্টি’ৰ এক নিদর্শন। মাননীয় প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত সমগ্র দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চল সর্বাংগীণ উন্নয়নৰ শক্তিকেন্দ্ৰ হৈ পৰিছে। ইতিমধ্যে বিশ্বৰ পঞ্চম বৃহৎ অর্থনীতিলৈ ৰূপান্তৰিত হোৱা আমাৰ ভাৰতবৰ্ষই ২০৩০ চনৰ ভিতৰত বিশ্বৰ শীৰ্ষ তিনিটা অৰ্থনীতিৰ ভিতৰত অন্তর্ভুক্ত কৰাৰ দিশত দ্রুতগতিত আগবাঢ়িছে। মোদী ডাঙৰীয়াই সকলো প্রত্যাহ্বান দূৰ কৰি উন্নয়ন, শাসন প্রক্রিয়াত স্বচ্ছতা আৰু সবলীকৰণৰ এক নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হৈছে। প্রধানমন্ত্রী আৱাস যোজনা, পিএম কিষাণ, প্রধানমন্ত্রী ফচল বীমা যোজনা, প্রধানমন্ত্রী বিশ্বকর্মা, জন ধন যোজনা, স্কিল ইণ্ডিয়া, মেক ইন ইণ্ডিয়া, ষ্টার্ট-আপ্ ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, উজ্জ্বলা যোজনা, আয়ুষ্মান ভাৰত, স্বচ্ছ ভাৰত অভিযান, জল জীৱন আদি অনেক কল্যাণকামী আঁচনিৰ জৰিয়তে আমাৰ চৰকাৰে বিগত ৯ বছৰত ভাৰতৰ উন্নয়নৰ ৰূপৰেখা সলনি কৰি এক নৱজাগৰণৰ সৃষ্টি কৰিছে,যাৰ বাবে সৰ্বস্তৰৰ জনতাৰ আস্থা-বিশ্বাস মোদী চৰকাৰৰ ওপৰত পূর্ণোদ্যমে অটুট আছে।”

সোণোৱালে লগতে কয়, “পূৰ্বৰ চৰকাৰৰ দিনত অৱহেলিত উত্তৰ- পূর্বাঞ্চললৈ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হিচাপে ৬৪ বাৰতকৈও অধিক আহিছে। এতিয়ালৈকে দেশৰ যিকোনো প্ৰধানমন্ত্ৰীৰ দ্বাৰা এয়া হৈছে উত্তৰ-পূবলৈ সৰ্বাধিক আগমন। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ দিশতো আমাৰ চৰকাৰে নিৰৱচ্ছিন্নভাৱে কাম কৰি আছে। কংগ্ৰেছৰ দিনত দশক দশকজুৰি দুৰ্নীতি, শোষণ, হত্যা- হিংসা আৰু অপশাসনৰ ভয়াৱহ সময়ৰ সাক্ষী হৈ ৰোৱা উত্তৰ- পূৰ্বাঞ্চলৰ যাতায়াত-যোগাযোগকে ধৰি বিভিন্ন দিশৰ বিকাশৰ বাবে মোদী চৰকাৰে ৫ লাখ কোটি টকাতকৈও অধিক অনুদান আগবঢ়াইছে। ২০১৪ চনৰ পৰা অসম আৰু সমগ্ৰ উত্তৰ-পূবৰ গৌৰৱ পুনৰুজ্জীৱিত কৰাৰ বাবে মোদী ডাঙৰীয়াই কৰ্মৰাজিৰ মাজেৰে অতুলনীয় দৃষ্টান্ত দাঙি ধৰিছে। অসমত নিৰৱচ্ছিন্ন চিকিৎসা মহাবিদ্যালয়, এইমছ, স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰ আদিৰ স্থাপনৰ জৰিয়তে স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি উন্নত কৰা হৈছে, বিভিন্ন ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ চৌহদ অসমত স্থাপন কৰা হৈছে। আন কেতবোৰ ক্ষেত্ৰতো আন্তঃগাঁথনি ক্ষিপ্রতাৰে উন্নীত কৰা হৈছে। উত্তৰ-পূব অঞ্চলটোৰ লোকসকলে মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত সর্বাধিক উন্নতি আৰু জীৱনৰ মান উন্নীতকৰণৰ অনন্য অভিজ্ঞতা লাভ কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কল্পনা কৰা অনুসৰি ২০৪৭ চনৰ ভিতৰত এখন আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ আমি সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰি এখন বিকশিত ভাৰত গঢ়াৰ পণ লওঁ আহক।”


অনুষ্ঠানটিত সর্বানন্দ সোণোৱালৰ লগত উপস্থিত থাকে নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ, ডিব্ৰুগড় পৌৰসভাৰ উপ- পৌৰপতি উজ্জ্বল ফুকন, ডিব্রুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল।

Leave A Reply

Your email address will not be published.