Breaking

ৰাম মন্দিৰ উদ্বোধনৰ এমাহ পিছত, অযোধ্যা চহৰৰ উপকণ্ঠত আৰম্ভ হ’ব নতুন মছজিদৰ নিৰ্মাণ…

0 107

যদি সকলো ঠিকে থাকে ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধন কৰা হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনুষ্ঠানটোত মুখ্য অতিথি হ’ব।

উল্লেখ্য যে ৰাম মন্দিৰৰ সমান্তৰালকৈ মছজিদৰ প্ৰসংগও চৰ্চালৈ আহিছে। মছজিদটো মন্দিৰৰ পৰা প্ৰায় 25 কিলোমিটাৰ দূৰত অযোধ্যা জিলাৰ ধনীপুৰত নিৰ্মাণ কৰা হ’ব। ২০১৯ চনৰ নৱেম্বৰত, উচ্চতম ন্যায়ালয়ে প্ৰশাসনক ৰাম জন্মভূমি-বাবৰি জন্মভূমি গোচৰত মুছলমান পক্ষক পাঁচ একৰ ভূমি আৱণ্টন কৰিবলৈ নিৰ্দেশ দিছিল।

উত্তৰ প্ৰদেশ চুন্নী চেণ্ট্ৰেল ৱাকফ বোৰ্ডে মছজিদনিৰ্মাণৰ তত্বাৱধানৰ বাবে ইণ্ডো-ইছলামিক কালচাৰেল ফাউণ্ডেচন ট্ৰাষ্ট গঠন কৰিছিল। ট্ৰাষ্টৰ মতে, কেৱল মছজিদই নহয়, ৫একৰ ভূমিত এখন চিকিৎসালয় আৰু এটা ভাগ-বতৰা কৰা পাকঘৰ নিৰ্মাণৰ পৰিকল্পনাও লাভ কৰা হৈছে।

ট্ৰাষ্টৰ অধ্যক্ষ তথা ৱাকফ ব’ৰ্ডৰ অধ্যক্ষ জুফাৰ ফাৰুকীয়ে কয়, “মছজিদখন কেতিয়া সম্পূৰ্ণ হ’ব সেয়া কোৱা কঠিন। কিন্তু আমি আশা কৰোঁ যে মছজিদৰ নিৰ্মাণ অহা বছৰৰ মে মাহৰ পৰা আৰম্ভ হ’ব। “

ট্ৰাষ্টৰ মতে, মছজিদ নিৰ্মাণৰ ব্যয় পূৰণ কৰিবলৈ এখন পৃথক সমিতি গঠন কৰা হৈছে। মুম্বাইস্থিত সমিতিয়ে এতিয়ালৈকে ৫০ লাখ টকা সংগ্ৰহ কৰিছে, ট্ৰাষ্টসূত্ৰই জনায়। ট্ৰাষ্টৰ মতে, মছজিদৰ নক্সা প্ৰায় চূড়ান্ত কৰা হৈছে। ভাৰতৰ অন্যান্য মছজিদৰ দৰে, এই মছজিদতো মিনাৰ আৰু গম্বুজ থাকিব। ন্যাসে ইতিমধ্যে মন্দিৰৰ নক্সা অযোধ্যা উন্নয়ন কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰিছে।

Leave A Reply

Your email address will not be published.