ম্যানমাৰৰ শক্তিশালী বিদ্ৰোহী মিত্ৰজোঁটৰ অংশ টায়েং নেশ্যনেল লিবাৰেশ্যন আৰ্মীয়ে শাসকীয় ম্যানমাৰৰ জন্টাৰ সৈতে আলোচনা কৰিবলৈ ইচ্ছুক বুলি প্ৰকাশ কৰিছে।
ম্যানমাৰ-চীন সীমান্তত বছৰজোৰা যুদ্ধৰ অন্তত সোমবাৰে টাং নেশ্যনেল লিবাৰেশ্যন আৰ্মীয়ে এই ঘোষণা কৰে।ম্যানমাৰক শক্তিশালী চীনে বিদ্ৰোহীসকলৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ পিছত এই গোটটোৱে এই ঘোষণা কৰিছে বুলি প্ৰকাশ কৰিছে। ২০২১ চনত আং ছান ছু কিৰ নিৰ্বাচিত চৰকাৰখন সামৰিক বাহিনীয়ে উফৰাই দিয়াৰ পিছৰে পৰা অস্থিৰ হৈ পৰিছে ম্যানমাৰ।
তেতিয়াৰ পৰাই জন্টা বিৰোধীসকলে শাসকীয় ম্যানমাৰৰ জন্টাৰ শাসনক প্ৰতিহত কৰিবলৈ আৰম্ভ কৰে। শান্তিপূৰ্ণ প্ৰতিবাদ হিচাপে আৰম্ভ হোৱা কথাটো পিছলৈ একাধিক সশস্ত্ৰ বিদ্ৰোহলৈ পৰিণত হ’ল।
টাং নেশ্যনেল লিবাৰেশ্যন আৰ্মীয়ে নিজৰ অফিচিয়েল টেলিগ্ৰাম চেনেলত এক বিবৃতিত কয় যে উত্তৰ শ্বান ৰাজ্যত থকা নিজৰ ভূখণ্ডত সামৰিক বাহিনীৰ বিমান আক্ৰমণ বন্ধ কৰি আলোচনা কৰিব বিচাৰে।
টাং নেচনেল লিবাৰেচন আৰ্মীৰ মুখপাত্ৰ লৱে কয় যে-‘আমাৰ সাধাৰণ নাগৰিকসকল বিমান আক্ৰমণ আৰু অন্যান্য সমস্যাৰ সন্মুখীন হৈছে। গতিকে আমি এটা উপায় বিচাৰিব লাগিব।’
অৱশ্যে বিদ্ৰোহী মিত্ৰজোঁটৰ আন দুটা গোট আৰাকান আৰ্মী আৰু ম্যানমাৰ নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স আৰ্মীয়ে কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰিছে । ইয়াৰ পূৰ্বে জানুৱাৰী মাহত চীনৰ দালালিত হোৱা আলোচনাৰ সময়ত বিদ্ৰোহী মিত্ৰজোঁটে ম্যানমাৰৰ সেনাৰ সৈতে যুদ্ধবিৰতি লৈছিল যদিও জুন মাহত সেই চুক্তি ভাঙি পুনৰ যুদ্ধ আৰম্ভ হয়।
টিএনএলএ যোৱা বছৰ আৰম্ভ কৰা ‘অপাৰেচন ১০২৭’ নামৰ সমন্বিত আক্ৰমণৰ অংশ। অভ্যুত্থানৰ পিছত ম্যানমাৰৰ সেনাবাহিনীৰ বাবে বিদ্ৰোহী গোটসমূহেই হৈছে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। ম্যানমাৰৰ সেনাই বিদ্ৰোহীৰ হাতত হেৰুৱাইছে কেইবাখনো চহৰ আৰু সামৰিক চকী।
ম্যানমাৰৰ বিদ্ৰোহী সংগঠন টিএনএলয়ে জন্টাৰ সৈতে আলোচনাৰ বাবে আগ্ৰহী
ম্যানমাৰৰ শক্তিশালী বিদ্ৰোহী মিত্ৰজোঁটৰ অংশ টায়েং নেশ্যনেল লিবাৰেশ্যন আৰ্মীয়ে শাসকীয় ম্যানমাৰৰ জন্টাৰ সৈতে আলোচনা কৰিবলৈ ইচ্ছুক বুলি প্ৰকাশ কৰিছে। ম্যানমাৰ-চীন সীমান্তত বছৰজোৰা যুদ্ধৰ অন্তত সোমবাৰে টাং নেশ্যনেল লিবাৰেশ্যন আৰ্মীয়ে এই ঘোষণা কৰ?
২০২১ চনত আং ছান ছু কিৰ নিৰ্বাচিত চৰকাৰখন সামৰিক বাহিনীয়ে উফৰাই দিয়াৰ পিছৰে পৰা অস্থিৰ হৈ পৰিছে ম্যানমাৰ।
জন্টা বিৰোধীসকলে শাসকীয় ম্যানমাৰৰ জন্টাৰ শাসনক প্ৰতিহত কৰিবলৈ আৰম্ভ কৰে। শান্তিপূৰ্ণ প্ৰতিবাদ হিচাপে আৰম্ভ হোৱা কথাটো পিছলৈ একাধিক সশস্ত্ৰ বিদ্ৰোহলৈ পৰিণত হ’ল।
টাং নেশ্যনেল লিবাৰেশ্যন আৰ্মীয়ে নিজৰ অফিচিয়েল টেলিগ্ৰাম চেনেলত এক বিবৃতিত কয় যে উত্তৰ শ্বান ৰাজ্যত থকা নিজৰ ভূখণ্ডত সামৰিক বাহিনীৰ বিমান আক্ৰমণ বন্ধ কৰি আলোচনা কৰিব বিচাৰে।
টাং নেচনেল লিবাৰেচন আৰ্মীৰ মুখপাত্ৰ লৱে কয় যে আমাৰ সাধাৰণ নাগৰিকসকল বিমান আক্ৰমণ আৰু অন্যান্য সমস্যাৰ সন্মুখীন হৈছে। গতিকে আমি এটা উপায় বিচাৰিব লাগিব।
টায়েং নেচনেল লিবাৰেশ্যন আৰ্মীৰ বক্তব্য সন্দৰ্ভত ইয়াংগনত থকা চীনৰ দূতাবাসৰ পৰা মন্তব্যৰ বাবে কৰা অনুৰোধৰ কোনো সঁহাৰি নিদিলে ম্যানমাৰৰ জন্টাই।
টিএনএলএ যোৱা বছৰ আৰম্ভ হোৱা ‘অপাৰেচন ১০২৭’ নামৰ সমন্বিত আক্ৰমণৰ অংশ। যিবোৰ প্ৰতিষ্ঠা আৰম্ভ হোৱাৰ তাৰিখ অনুসৰি নামকৰণ কৰা হয়। অভ্যুত্থানৰ পিছত ম্যানমাৰৰ সেনাবাহিনীৰ বাবে বিদ্ৰোহী গোটসমূহেই হৈছে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। ম্যানমাৰৰ সেনাই বিদ্ৰোহীৰ হাতত হেৰুৱাইছে কেইবাখনো চহৰ আৰু সামৰিক চকী।