Breaking

বি বৰুৱা কলেজৰ প্ৰাণী বিজ্ঞান বিভাগৰ প্ৰবক্তাই স্বামীৰ সৈতে মিলি গাত গৰম ইস্ত্ৰি লগাই শাস্তি বিহিছিল ১০ বছৰীয়া কিশোৰীক…

0 173

মহানগৰীৰ বি বৰুৱা কলেজৰ প্ৰাণী বিজ্ঞান বিভাগৰ প্ৰবক্তা ড০ চাবিনা লাংথাছাৰ কাণ্ড শুনিলে ঘৃণাত নাক কোঁচ খাব আপোনাৰ। বি বৰুৱা কলেজৰ দৰে আগশাৰীৰ মহাবিদ্যালয়ৰ প্ৰবক্তাই বন কৰিবলৈ নিয়োগ কৰিছিল ১০ বছৰীয়া কিশোৰী।

ব্যৱসায়ী স্বামীৰ সৈতে মিলি গাত গৰম ইস্ত্ৰি লগাই শাস্তি বিহিছিল ১০ বছৰীয়া কিশোৰীক। শেহতীয়াকৈ ৰাজ্যত ধাৰাবাহিকভাৱে সংঘটিত হৈছে শিশুৰ ওপৰত নিৰ্যাতন।

চুৰি কৰি অনা দুটি শিশুৰ ওপৰত বীভৎস নিৰ্যাতন চলাই এতিয়া ৰঙাঘৰত আছে কোটিপতি চিকিৎসক দম্পতি ডাক্তৰ সংগীতা দত্ত আৰু ডাক্তৰ ৱালিউল ইছলাম।

আনকি শেহতীয়াকৈ ঘৰুৱা বন কৰিবলৈ নি ১৭ বছৰীয়া কিশোৰীক ঘুণীয়া কৰি হাফলং জেলৰ ভাত খাব লগা হৈছে সেনা বিষয়া শৈলেন্দ্ৰ কুমাৰ যাদৱ আৰু পত্নী কিমি ৰালছানে।

Leave A Reply

Your email address will not be published.