Breaking

অসম নাট্য সন্মিলন হাজো শাখাৰ সৌজ্যনত “জ্যোতি” গ্ৰন্থ উন্মোচনী সভা সম্পন্ন…

0 24

কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ পতনিস্থিত মুক্তি যুঁজাৰু ড° সম্ভুৰাম মেধি কমপ্লেক্স চন্দ্ৰমা সভাগৃহত অসম নাট্য সন্মিলন হাজো শাখাৰ সৌজ্যনত “জ্যোতি” গ্ৰন্থ উন্মোচনী অনুষ্ঠান সম্পন্ন কৰা হয়।সভাৰ সভাপতিত্ব কৰে অসম নাট্য সন্মিলন হাজো শাখাৰ সভাপতি বাবুল মজুমদাৰে।সভাৰ আঁত ধৰে “জ্যোতি” সম্পাদনা সমিতিৰ মুখ্য সম্পাদক কিচিন দাসে।সভাৰ আৰম্ভণিতেই ভক্তিমুলক গীত পৰিৱেশন কৰে কণ্ঠশিল্পী সোনাৰাম দাসে ।সভাত অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চ অভিনেতা প্ৰয়াত জ্যোতিষ ভৰালীৰ স্মৃতিত বিভিন্ন ব্যক্তিৰ লিখনি সমৃদ্ধ “জ্যোতি” শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰা হয়।

গ্ৰন্থখনি উন্মোচন কৰে অসমৰ সাংস্কৃতিক আলোচনী দাপোনৰ মূখ্য সম্পাদক তথা এমট্ৰনৰ উপ প্ৰৱন্ধক দিনমনি ভাণ্ডাৰ কায়স্থই।গ্ৰন্থ উন্মোচনী বক্তৃতা প্ৰদানত কায়স্থই উল্লেখ কৰে “শিল্পীসকল সংস্কৃতিৰ দাপোন। তেওঁলোকৰ কৰ্মক সমাজে স্বীকৃতি তথা সন্মান জনোৱাটো সমাজৰ এটি দায়িত্ব। এই পাৰস্পৰিক সম্পৰ্ক যিমানেই গভীৰ হব,সিমানেই সমৃদ্ধ হ’ব সামূহিক জীৱন।” সভাত অসম চৰকাৰৰ প্ৰাক্তন তথ্য আয়ুক্ত মোহন চন্দ্ৰ মালাকৰ, আলোক সম্ৰাট কল্যান দে, সংগীত নাটক একাডেমিৰ যুৱ বঁটা প্ৰাপক নাট পৰিচালক হিমাংশু শৰ্মা,জ্যোতি সম্পাদনা সমিতিৰ সভাপতি শঙ্কৰ দাস, সম্পাদক দিব্যজ্যোতি ভৰালী, সহযোগী সম্পাদক বিবেকানন্দ দাসকে প্ৰমূখ্যে প্ৰায় সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.