Breaking

বিহালীৰ সমন্বয়ৰ স্থলী শ’লমাৰীত উখল-মাখল পৰিৱেশ

0 57

বিহালীৰ সমন্বয়ৰ স্থলী শ’লমাৰীত নব-নিৰ্মিত শিৱ মন্দিৰ আজি প্ৰাণ প্ৰতিষ্ঠাৰে এক উখল -মাখল পৰিবেশ ।

অসমীয়া,চাহ জনজাতি,বেংগলী, নেপালী, কাৰ্বি, মিছিং, ভোজপুৰী আদি জনগোষ্ঠী লোকৰ উপস্থিতিয়ে দাঙি ধৰিলে সম্প্ৰীতিৰ চানেকি বিহালীত । বিহালী সমষ্টিৰ অন্তৰ্গত শ’লমৰীত নিৰ্মিত শিৱ মন্দিৰত আজি প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। সেই উপলক্ষে পুৱাৰে পৰা এক উখল – মাখলৰ পৰিবেশৰ সৃষ্টি হয়।

মূলত অসম চৰকাৰৰ চতুৰ্দশ বিত্তীয় বৰ্ষৰ অধীনত প্ৰাপ্ত দুই লাখ টকা অনুদানেৰে নিৰ্মাণৰ কাম আৰম্ভ কৰা মন্দিৰ ভাগত পৰবৰ্তী কালত বিভিন্নজনে স্বেচ্ছাই আগবঢ়োৱা দান-বৰঙণিৰ দ্বাৰা মন্দিৰটো আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হয়। দৰাচলতে ১৯৮৯ চনত প্রয়াত মনেশ্বৰ নৰহৰ স্মৃতিক পুত্ৰ খগেশ্বৰ নৰহে প্ৰতিষ্ঠা কৰা মন্দিৰ ক্ৰমান্বয়ে সৰ্বজনীন ৰূপ লয় আৰু ইয়াৰ অসমীয়া, চাহ জনজাতি, বেংগলী, নেপালী, কাৰ্বি, নেপালী,ভোজপুৰী আদি সম্প্ৰদায়ৰ সকলো জড়িত হৈ পৰে আৰু এক সমন্বয়ৰ স্থলীত পৰিনত হয়।

আজি পুৱা বৰগাং নদীৰ পৰা জল আনায়নৰ দ্বাৰা ঘট জলৰে শিৱ লিঙ্গ স্থাপন কৰি মাংগলিক পূজা পাতলৰে প্ৰাণ প্ৰতিষ্ঠা কৰা হয় আৰু সমাৰোহত সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, দধিৰাম শৰ্মা, জ্যেষ্ঠ সাংবাদিক অমিতাভ বৰুৱা,যুব সাংবাদিক পলাশ প্ৰিয়ম, মনোজ বৰা, জিনজিয়া চাহ – বাগিচাৰ স-পৰিবাৰে পৰিচালক মণ্ডলি আৰু অগণন ভক্তগণৰ সমাগম ঘটে। মন্দিৰ ভাগ নিৰ্মাণৰ ক্ষেত্ৰত উপদেষ্টা সদানন্দ দত্ত, সভাপতি বাবুল গোৱালা, সম্পাদক পিংকু কানুৱে বিশেষভাবে উদ্যোগ গ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.