Breaking

ৰৌতাত গাঞ্জাভৰ্তি গাড়ী জব্দ, এজনক গ্ৰেপ্তাৰ

0 1,022

ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মলয় আচাৰ্যৰ নেতৃত্বত  আৰক্ষীৰদলে কালি ৩১ জুলাইত এক গোপন সূত্ৰৰপম খেদি আবেলি প্ৰায় ৪-৩০ বজাত ৰৌতা চাৰিআলি চহৰৰ মাজ মজিয়াতে দুটা গাঞ্জাৰ টোপোলা থকা এখন সৰু গাড়ী জব্দ কৰাৰ লগতে এজনক আটক কৰে । আৰক্ষী সূত্ৰে জানিব পৰা মতে, ৰৌতাষ্টচনৰ পৰা  ১৫ কিলোগ্ৰামৰ গাঞ্জাৰ টোপোলা দুটা এ এছ ১৩ কে ৫৮৮১ নম্বৰৰ কাৰ এখনেৰে মঙ্গলদৈ অভিমুখে নিৱৰ বাবে ৰাওনা হোৱাৰ সময়তে আৰক্ষীয়ে গাঞ্জাৰে সৈতে কাৰখন জব্দ কৰাৰ লগতে  এই গাঞ্জা সৰবৰাহ কৰা ৰুস্তম আলী নামৰ লোক এজনকো গ্ৰেপ্তাৰ কৰে ।

গ্ৰেপ্তাৰ কৰা লোকজনৰ ঘৰ দৰং জিলাৰ ধূলা  আৰক্ষী থানাৰ অন্তৰ্গত চপাইত । সেয়েহে এই মাৰাত্মক চোৰাং ব্যৱসায়ৰ অপৰাধত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৰৌতা আৰক্ষী থানাত গোচৰ ৰুজু কৰি  লোকজনক আজি আৰক্ষী থানাৰ  আৰক্ষীয়ে ওদালগুৰি জিলা জেল হাজোতলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে । বাতৰি আৰু ফ’টো প্ৰেৰক: শ্ৰী বলোৰাম পাঠক, ৰৌতাচাৰিআলি , তাৰিখ ১/৮/২০২১, ম ৯৪৩৫৬৫৩৬৪২বিদ্ৰ: বাতৰিটো প্ৰকাশ নোহোৱাৰ বাবে পুনৰ পঠিওৱা হ’ল ।

Leave A Reply

Your email address will not be published.