Breaking

নাজিৰাত নাৰ্চৰ গাফিলতিত মৃত্যু এটি দেৱ শিশুৰ…

0 211

চিকিৎসক অবিহনে লিগিৰীপুখুৰীস্থিত নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়ত জন্ম এটি দেৱ শিশু।নাৰ্চৰ গাফিলতিত শিশুটিৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসালয় খনৰ চৌহদত উত্তপ্ত পৰিস্থিতি।

নাজিৰা লিগিৰীপুখুৰীস্থিত নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়ত আজি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি।যোৱা ১৫আগষ্টত নাজিৰা লিগিৰীপুখুৰী স্থিত নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈছিল নাজিৰা ৫নং ৱাৰ্ডৰ ৰফিকুল আলিৰ পত্নী নাজিমা বেগম।১৬আগষ্টত নাজিমা বেগমৰ জন্ম হৈছিল এটি দেৱ শিশু। উক্ত দিনা শিশুটি জন্ম হোৱাৰ সময়ত চিকিৎসক অবিহনে কেৱল কেইগৰাকীমান নাৰ্চৰ উপস্থিতেই জন্ম হৈছিল এটি সুস্থ শিশু। দেৱ শিশুটিৰ নাড়িয়েদি হঠাৎ তেজ উলাই আৰু শিশুটিৰ মৃত্যু হয় বুলি অভিযোগ ভুক্তভোগী পৰিয়ালৰ।

দুদিন পূৰ্বে জন্ম হোৱা এই দেৱশিশুটিৰ মৃত্যুক কেন্দ্ৰ কৰি আজি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ।চিকিৎসালয়খনৰ চিকিৎসক,নাৰ্ছৰ গাফিলতিৰ ফলত কেঁচুৱাটো মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ ।চিকিৎসালয়ত চিকিৎসকৰ অবিহনে মহিলাগৰাকীয়ে জন্ম দিছিল দেৱশিশুটি।

Leave A Reply

Your email address will not be published.