Breaking

চিলাপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ নিৰ্মম প্ৰহাৰত আহত চতুৰ্থ বৰ্গৰ মহিলা কৰ্মচাৰী ! ঘটনা সন্দৰ্ভত থানাত গোচৰ…

0 70

ধেমাজি জিলাৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান চিলাপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লক্ষ্মীনাথ পেগুৰ নিকৃষ্ট কৰ্ম কাণ্ডই কলেজখনৰ সন্মান মৰ্যদা লাঘৱ হোৱাৰ এক বাতৰিয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে চিলাপথাৰত। শিক্ষাৰ পোহৰ বিলোৱা শিক্ষানুষ্ঠানত অধ্যক্ষৰ দৰে গধুৰ দায়িত্ব থকা ড০ লক্ষ্মীনাথ পেগুৰ বিৰুদ্ধে মহাবিদ্যালয়ৰ কৰ্মচাৰীক প্ৰহাৰ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে।  অভিযোগ অনুসৰি মহাবিদ্যালয়খনত অস্থায়ী চতুৰ্থ বৰ্গৰ মহিলা কৰ্মচাৰী হিচাপে প্ৰত্যক দিনৰ দৰেই শনিবাৰে পুৱাও মধু সাহা নামৰ মহিলা কৰ্মচাৰী গৰাকী উপস্থিত হৈ নিজৰ কৰিবলগীয়া কাম-কাজ খিনি সম্পূৰ্ণ কৰে। পুৱা প্ৰায় ১০ বাজি ৩০ মিনিটত মান বজাত গুণ্ডাৰূপি অধ্যক্ষ ড০ লক্ষ্মীনাথ পেগু উপস্থিত হৈয়ে কোনো কাৰণ নোহোৱাকৈ চতুৰ্থ বৰ্গৰ মহিলা কৰ্মচাৰী গৰাকীক নিজৰ অফিচ ৰোমত মাতে ।

পলমকৈ অধ্যক্ষৰ সন্মুখত উপস্থিত হোৱাত নানাধৰণৰ কুতু মন্তব্যৰে অপদস্হ কৰাত কৰ্মচাৰী গৰাকীয়ে বিনা কাৰণতনো কিয় গালি দিছে বুলি অধ্যক্ষক প্ৰশ্ন কৰাত উগ্ৰৰূপ ধাৰণ কৰা অধ্যক্ষ ড০ লক্ষ্মীনাথ পেগুয়ে মহিলা কৰ্মচাৰী গৰাকীক টেবুলত থকা গধুৰ ফাইলেৰে নিৰ্মম ভাৱে প্ৰহাৰ কৰাত মূৰত আৰু কাণৰ পৰ্দাত কৰ্মচাৰী গৰাকী আঘাতপ্ৰাপ্ত হোৱা বুলি খৱৰ পোৱা গৈছে। কৰ্মৰত অন্য কৰ্মচাৰীৰ অস্তক্ষেপত কোনো পধ্যে প্ৰাণ ৰক্ষা পৰে মধু চাহুৰ। কিজানি গুণ্ডা ৰূপ ধাৰণ কৰা অধ্যক্ষৰ নিৰ্মম প্ৰহাৰত মৃত্যুক আকোঁৱালি লব লগা হল হয়।  ঘটনাৰ খৱৰ চাৰিওফালে বিয়পি পৰাৰ লগে লগেই অধ্যক্ষই সংঘটিত কৰা এনে কাণ্ডক একেমুখে ধিক্কাৰ গৰিহণা জনায় দল সংগঠনৰ কৰ্মী সকলে। ঘটনা সংক্ৰান্তত ইতিমধ্যেই ন্যায় বিছাৰি চিলাপথাৰ আৰক্ষী থানাত লিখিতভাৱে ড০ লক্ষ্মীনাথ পেগুৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভোক্তভোগী মহিলাগৰাকীয়ে। ইফালে আহত মহিলা কৰ্মচাৰীগৰাকীক চিলাপথাৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ ডিব্ৰুগড় অসম

মেডিকেল কলেজত ভৰ্তি কৰোৱাত চিকিৎসা চলি আছে। উল্লেখযোগ্য যে বিগত দিনতো মহাবিদ্যালয়খনৰ কৰ্মচাৰীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ অনেক আছে অধ্যক্ষৰ বিৰুদ্ধে। ইফালে ঘটনা সন্দৰ্ৱত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চিলাপথাৰৰ সচেতন ৰাইজে।  শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত অধ্যক্ষৰ দৰে সন্মানজনক পদত অধিষ্ঠিত থকা অধ্যক্ষৰ এনে কৰ্মকাণ্ড কেতিয়াও গ্ৰহণ যোগ্য নহয় । যিটো কাণ্ড ই কলেজখনৰ গৌৰৱত আঘাত কৰিছে। এজন অবলা মহিলা কৰ্মচাৰীৰ ওপৰত দাদাগিৰিৰে ভয়-ভাবুকিৰে ক্ষমতা জাঁহিৰ কৰি দুৰ্ব্যৱহাৰ কৰা অধ্যক্ষ গৰাকীক তৎকালীন ভাৱে গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি বিহিবলৈ দাবী জনাইছে সচেতন মহলে। বিধায়ক ভুৱন পেগুৰ অতিঘনিষ্ঠ চিলাপথাৰ কলেজৰ অধ্যক্ষ ড০ লক্ষ্মীনাথ পেগুৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহন কৰে নে বিধায়কৰ ঘনিষ্ঠ হোৱাৰ সোহাৱাদতে সকলো তদন্তৰ পৰা পিছ পৰি থাকিব চিলাপথাৰ আৰক্ষী তাকে লৈ তীব্ৰ চৰ্চা চলিছে ৰাইজৰ মাজত।

Leave A Reply