আমিনগাঁৱত জাতীয় পতাকাক চূৰান্ত অপমান …

জাতীয় পতাকাক চূৰান্ত অপমান ১৩ ৰ পৰা ১৫ লৈ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ উপলক্ষে প্ৰধানমন্ত্ৰীৰ আহ্বান আছিল “হৰ ঘৰ ত্ৰিৰংগা”প্ৰধানমন্ত্ৰীৰ আহ্বানক আখৰে আখৰে পালন কৰিলে দেশবাসীয়ে।

কাৰ্যত এই আহ্বান কাৰ্যকৰী কৰিবলৈ সজাগতা সৃষ্টি কৰিছিল চৰকাৰ, প্ৰশাসন, কিম্বা দল-সংগঠনে।কিন্তু সজাগ, সচেতন কৰা নহ’ল স্বাধীনতা দিৱস পাৰ হৈ যোৱাৰ পিছত পতাকা সমুহ সযত্নে, সন্মান সহকাৰে সংৰক্ষিত কৰিবলৈ।জালুকবাৰী সমষ্টিৰ, বিভিন্ন স্থানত আজি ১৯ আগষ্ট পৰ্যন্ত উৰি থাকিল জাতীয় পতাকা।ক’ৰবাত ক’ৰবাত তলমুৱাকৈ হাউলি থাকিল জাতীয় পতাকা।

আমিনগাঁওৰ দয়াল নগৰ, আই, চি,ডি , আমিনগাঁও চাৰিআলি, উপৰবৰী, আমিনগাঁও ৰাজীৱ ভৱনত লাচিতপুৰ, দদৰা, দলিবাৰী, আদি অঞ্চলত চাৰিদিনলৈ উত্তোলিত হৈ থাকিল জাতীয় পতাকা।

Related Articles