আশাভংগ! জামিন লাভৰ এদিন পিছতে কেজৰিৱালৰ জামিনত স্থগিতাদেশ দিল্লী উচ্চ ন্যায়ালয়ৰ…

২৪ ঘণ্টাৰ ভিতৰতে আশাভংগ হ’ল আপৰ। সেয়ে কাৰাগাৰতে থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। দিল্লী আবকাৰী নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত কালি কেজৰিৱালক দিল্লীৰ এখন আদালতে চৰ্ত সাপেক্ষ জামিন প্ৰদান কৰিছিল যদিও আদালতৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই প্ৰৱৰ্তন সঞ্চালকালয়ে শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপে। ইডিৰ আবেদনৰ ভিত্ততে আজি দিল্লী উচ্চ ন্যায়ালয়ে আম আদমি পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱালক দিয়া জামিন স্থগিত ৰাখে।

উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়ে যে আদালতে এই বিষয়ত পৰৱৰ্তী শুনানি গ্ৰহণ নকৰালৈকে জামিন আদেশ অকাৰ্যকৰী হৈ থাকিব। আদালতে কয় “আমি এতিয়াও চূড়ান্ত সিদ্ধান্ত জাৰি কৰা নাই , সেয়ে জামিনৰ আদেশ অকাৰ্যকৰী হৈ থাকিব। ইডিয়ে তেওঁলোকৰ যুক্তি সম্পূৰ্ণৰূপে দাখিল কৰিব পাৰে,”। উল্লেখ্য দিল্লীৰ ৰাউজ এভিনিউ আদালতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক জামিন প্ৰদান কৰাৰ এদিন পিছত শুকুৰবাৰে প্ৰৱৰ্তনকাৰী সঞ্চালকালয়ে (ইডি) দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপি কেজৰিৱালৰ জামিনৰ নিৰ্দেশক প্ৰত্যাহ্বান জনায় ।

শুকুৰবাৰে আম আদমি পাৰ্টীৰ নেতাগৰাকীৰ মুক্তিৰ কথা আছিল যদিও জামিনৰ নিৰ্দেশ স্থগিত ৰখাত তেওঁ কাৰাগাৰতে থাকিব লাগিব। ২০ জুনত হোৱা শুনানিৰ সময়ত কেজৰিৱালৰ অধিবক্তাই যুক্তি দিছিল যে তেওঁৰ বিৰুদ্ধে ইডিৰ গোচৰটো কেৱল কেতবোৰ ব্যক্তিৰ বক্তব্যৰ ওপৰত ভিত্তি কৰি ৰুজু কৰা হৈছে।দিল্লী আবকাৰী নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ তদন্তৰ সৈতে জড়িত থকাৰ অভিযোগত ২১ মাৰ্চত ইডিয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল। বৃহস্পতিবাৰে ৰাউজ এভিনিউ আদালতে তেওঁক ১ লাখ টকাৰ বণ্ডৰ বিনিময়ত জামিন মঞ্জুৰ কৰিছিল।কিন্ত সেই জামিন আজি স্থগিত ৰখা হয়।

Related Articles