ৰেল লাইনৰ কাষত পৰি থকা এটা মৃত দেহকলৈ গৌৰীপুৰত চাঞ্চল্য

ৰেল লাইনৰ কাষত পৰি থকা এটা মৃত্যুদেহক লৈ গৌৰীপুৰৰ আলমগঞ্জত এক চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আলমগঞ্জ নৱম খণ্ড গাওঁৰ সোঁমাজেৰে পাৰ হৈ গৈছে যোগীঘোপা ময়নাগুৰি ৰেল লাইন। উক্ত ৰেল লাইনেৰে মালবাহী ৰেল পাৰ হৈ যোৱাৰ ক্ষন্তেক সময় পিছতে ৰেল লাইনৰ কাষত তেজেৰে লুতুৰি পুতুৰি হৈ পৰি আছে এটা মৃত্যুদেহ।

খৱৰটো বনজুইৰ দৰে বিয়পি পৰাত ৰাইজ দৌৰি আহি মৃত্যুদেহটো প্ৰত্যক্ষ কৰাৰ লগে লগে চিনাক্ত হৈ পৰে যুৱক জন। মৃত্যু যুৱক জন হৈছে আলমগঞ্জ নৱম খণ্ড গাওঁৰ কাশেম আলীৰ পুত্ৰ মন্তাজুল হক(২৮)। পাছত আৰক্ষীক খৱৰ কৰাত ঘটনাস্থলী লৈ আৰক্ষী আৰু ৰেল বিভাগৰ কৰ্তৃপক্ষ ৰওনা হৈছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। উক্ত মৃত্যুদেহটো ৰেলৰ খুন্দাত মৃত্যু হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

Related Articles