Breaking

তেজপুৰ ভোমোৰাগুৰিৰ পথ দুৰ্ঘটনাত মৃত্যু এটি হৰিণাৰ

0 70

উন্নয়নে জীৱকুল আৰু প্ৰকৃতিৰ প্ৰতি বিপদ কঢ়িয়াই আনিছে নেকি? কাৰ ভুল আৰু অমনোযোগিতাৰ বাবে এনে দুৰ্ঘটনা সংঘটিত হয়?

বৃহস্পতিবাৰে ৰাতিপুৱা আনুমানিক ৪.৩০ মান বজাত পশ্চিম শোণিতপুৰ বন সংমণ্ডল আৰু তেজপুৰ সদৰ বনাঞ্চলৰ অন্তৰ্গত ভোমোৰাগুৰি সংৰক্ষিত বনাঞ্চলৰ ভোমোৰাগুৰি খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ ওচৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এটি হৰিনাৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

 উক্ত পথ দুৰ্ঘটনাত অচিনাক্ত বাহনে এটি হৰিণাক খুন্দিয়াই যোৱাৰ ফলত হৰিণাটিৰ মৃত্যু হয়।

তৎক্ষণাৎ খবৰ পাই ঘটনাস্থলীত বন বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত হৈ পশু চিকিৎসকৰ দ্বাৰা মৰণোত্তৰ পৰীক্ষাৰ অন্তত পুতি থয়।

লক্ষণীয় যে ভোমোৰাগুৰি সংৰক্ষিত বনাঞ্চলৰ মাজেদি  চাৰিলেন যুক্ত ৩৭ নং ক ৰাষ্ট্ৰীয় ঘাইপথ গৈছে। উক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে ভোমোৰাগুৰি সংৰক্ষিত বনাঞ্চলৰ জীৱ-জন্তু অহা যোৱা কৰে।

কিন্তু ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ভোমোৰাগুৰি সংৰক্ষিত বনাঞ্চলত গতি ৰোধৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

আনকি পৰিবহন বিভাগেও ভোমোৰাগুৰি সংৰক্ষিত বনাঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথত গতি ৰোধৰ বাবে সংকেত, কোনো চাইন বৰ্ড আদি লগোৱা পৰিলক্ষিত হোৱা নাই বুলি পশ্চিম শোণিতপুৰ বন সংমণ্ডলৰ অতিৰিক্ত বন সংৰক্ষক তথা তেজপুৰ সদৰ বনাঞ্চলৰ আঞ্চলিক বন বিষয়া গৌতম মহন্তই মন্তব্য কৰে।

জীৱ জন্তৰ সুৰক্ষাৰ বাবে বন বিভাগ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু পৰিবহন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়াই হব লক্ষণীয়।

-বিশ্বজিৎ দাস, তেজপুৰ

Leave A Reply

Your email address will not be published.