Breaking

কেৰালাৰ ৱায়নাডত মহাপ্ৰলয় ! বান- ভূমিস্খলনত এতিয়ালৈকে শিশুসহ ১২৩ জনৰ মৃত্যু, আঘাতপ্ৰাপ্ত ১৩০ জন…

0 20

কেৰালাৰ ৱায়নাডত মহাপ্ৰলয় ! বান- ভূমিস্খলনত এতিয়ালৈকে শিশুসহ ১২৩ জনৰ মৃত্যু, আঘাতপ্ৰাপ্ত ১৩০ জন।

এতিয়ালৈকে সেনা জোৱানে উদ্ধাৰ কৰিছে ১০০০ৰো অধিক লোকক। কেৰালাৰ ৱায়নাডত মহাপ্ৰলয়! বান- ভূমিস্খলনত এতিয়ালৈকে শিশুসহ ১২৩ জনৰ মৃত্যু, আঘাতপ্ৰাপ্ত ১৩০ জন।

এতিয়ালৈকে সেনা জোৱানে উদ্ধাৰ কৰিছে ১০০০ৰো অধিক লোকক।

ইফালে, ঘটনাস্থলীলৈ গৈ কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জৰ বাহনখনে মালাপ্পুৰম জিলাৰ মাঞ্জেৰীৰ ওচৰত এক সৰু দুৰ্ঘটনাত পতিত হয় বুলি জানিব পৰা গৈছে । স্বাস্থ্যমন্ত্ৰীগৰাকী বৰ্তমান মাঞ্জেৰী মেডিকেল কলেজত চিকিৎসাধীন ৷ আন কোনো লোকৰ বৃহৎ আঘাত হোৱা নাই বুলি জানিব পৰা গৈছে ।

মন্ত্ৰী জৰ্জে ভুক্তভোগীসকলক প্ৰয়োজন হ’লে অস্থায়ী চিকিৎসালয় স্থাপনৰ কৰা হ’ব বুলিও আশ্বাস প্ৰদান কৰে । স্বাস্থ্যকৰ্মী আৰু জনসাধাৰণ উভয়কে সহায় কৰিবলৈ স্থাপন কৰা 24×7 নিয়ন্ত্ৰণ কক্ষ, কেৰেলাৰ স্বাস্থ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ কাম-কাজৰ বিষয়েও পৰ্যালোচনা কৰে ।

Leave A Reply

Your email address will not be published.