Breaking

গৰুগোহালিতকৈও নিকৃষ্ট ঘৰত জীৱন কটাইছে এটা পৰিয়ালে

0 2,044

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বহুল প্ৰচাৰিত শ্লোগান-সবকা সাথ সবকা বিকাশ আৰু বিশ্বাস অসাৰ হ’ল । তিতাবৰ সমষ্টিৰ ৰঙাজান গাওঁ পঞ্চায়ত এলেকাৰ বুৰুক বৰুৱা চেকনিধৰা গাঁৱৰ এটা পৰিয়ালৰ কৰুণ গাঁথাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰ এই শ্লোগান টোক প্ৰত্যাহ্বান জনাইছে । এই শ্লোগান টো আজি ৭ বছৰে মোদীৰ শাসন কালত তিতাবৰ সমষ্টিৰ ৰঙাজান গাওঁ পঞ্চায়ত এলেকাৰ বুৰুক বৰুৱা চেকনিধৰা গাঁৱৰ অনিল বৰা আৰু পুৰবী বৰাৰ সংসাৰ খনে অনুভৱ কৰিব নোৱাৰিলে। এখন চালিৰ তলতে আজিও বাস কৰিছে এই দুৰ্ভগীয়া পৰিয়ালটো।কোনো চৰকাৰী আঁচনিৰ মুখ দেখা নাই অনিল বৰা আৰু পুৰবী বৰাৰ পৰিয়ালে । ৪টা সন্তানৰ সৈতে এই পৰিয়ালটোক মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালতো এটি ইন্দিৰা আৱাস  যোজনাৰ ঘৰ দি উপকৃত কৰিব নোৱাৰিলে । ৰঙাজানৰে মুখ্যমন্ত্ৰী গগৈৰ জন্ম স্থান আছিল আৰু ৰঙাজানৰে এই দুৰ্ভগীয়া পৰিয়ালটো আজিও উৰুখা চালিত মুকলি ঠাইত বাস কৰিছে । স্বচ্ছ অভিযান আঁচনি খনেও উপলুঙাহে কৰিলে পৰিয়ালটৌক । নি:কিন দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালটোক  বৰ্তমানৰ বিজেপি চৰকাৰৰ ৫ বছৰেও এটা প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীন আঁচনিত সাঙুৰি পৰিয়ালটোক উদ্ধাৰ কৰিব নোৱাৰিলে । উন্নয়নৰ বক্তৃতাৰ ফুলজাৰি মৰা সৰ্বানন্দ সোণোৱালৰ বিজেপি মিত্ৰ চৰকাৰে এই দুখীয়া পৰিয়ালটোক জীয়াই থকাৰ নিৰাপত্তা দিব নোৱাৰিলে। দিন হাজিৰা কৰি পোহ পাল দিছে পিতৃ অনিল বৰাই । সবকা সাথ সবকা বিকাশ আৰু বিশ্বাসৰ শ্লোগান দিয়া সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰ চৰকাৰে পুনৰ এই গৃহহীন দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰত আগন্তুক নিৰ্বাচনত কেনেকৈ ভোট ভিক্ষা মাগিব, ই মৰ্য্যাদাৰ প্ৰশ্ন। অৱশ্যে এইটো এটা মাত্ৰ দৃষ্টান্তহে । এনেদৰে তিতাবৰ সমষ্টিৰ চুকে কোণে বহুতো দুখীয়া দৰিদ্ৰ পৰিয়ালে দৰিদ্ৰতাৰ সতে আজিও যুঁজিয়ে আছে । আগন্তুক নতুন চৰকাৰে এই দৰিদ্ৰ পৰিয়াল টোক অনাময় আঁচনি ৰ লগতে এটা  জীয়াই থকাৰ বাবে উপযোগী ঘৰ পৰিয়ালটোক আগবঢ়ায় সকাহ দিব ।

Leave A Reply

Your email address will not be published.