Breaking

মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজত আৱদ্ধ এখন ফেৰী

0 13

মাজুলীৰ পৰা নিমাতী অভিমুখে গৈ থকা অৱস্থাত এখন ফেৰী আৱদ্ধ হৈ পৰে । ঘটনাৰ বিৱৰণী অনুসৰি
ইঞ্জিনৰ বিজুতিৰ বাবেই নদীৰ মাজত আৱদ্ধ হৈ পৰে ফেৰীখন ।

ফেৰীখনত ৫০ৰো অধিক যাত্ৰী থকা বুলি জানিব পৰা যায় । উল্লেখ্য যে যান্ত্ৰিক বিজুতিৰ ফলত ফেৰীখন আৱদ্ধ হৈ পৰাত যাত্ৰীসকল আতংকিত হৈ পৰে । ইতিমধ্যে ফেৰীখন উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দলৰ অভিযান আৰম্ভ কৰিছে ।

Leave A Reply